I am now accessing as a :

Government Of Assam Health & Family Welfare National Health Mission

ৰাষ্ট্ৰীয় লৌহ যোগ উদ্যোগ ( এন আই পি আই)

  • ৰাষ্ট্ৰীয় লৌহ যোগ উদ্যোগ(৬ – ৫৯ মাহ)

    এই কাৰ্য্যসূচী কেঁচুৱা আৰু বিদ্যালয় পূৰ্ব শিশুৰ (৬-৫৯ মাহলৈ) চহৰ আৰু গাওঁ এলেকাত। কাৰ্য্যসূচী কাৰ্য্যকৰী কৰা হয় এ ডব্লিউ চিৰ মঞ্চৰ জৰিয়তে। প্ৰতিসপ্তাহত আই এফ এ মিশ্ৰণ অতিৰিক্তভাৱে এ ডব্লিউ চিত প্ৰদান কৰি।

    উদ্দেশ্য:

    আই এফ এ মিশ্ৰণৰ প্ৰশাসন নিশ্চিতি কৰিবলৈ আৰু কৃমিমুক্ত কৰিবলৈ ছমাহৰ পৰা প্ৰতি সপ্তাহত ২ বাৰকৈ আৰু এলবেনডাজল এবছৰত দুবাৰকৈ খুৱাব লাগে ৯ মাহ বয়সৰ পৰা।

    ৰাষ্ট্ৰীয় লৌহ যোগ উদ্যোগ (৫ – ১০ বছৰলৈ)

    এই কাৰ্য্যসূচী স্কুলত পঢ়া ল`ৰা-ছোৱালী (৫-১০ বছৰ)ৰ কাৰণে আৰু স্কুলৰ বাহিৰৰ (৫-১০ ছোৱালীৰ বাবে গাওঁ আৰু চহৰ উভয় অঞ্চলৰ বাবে। এই কৰ্মসূচী কাৰ্য্যকৰী কৰা হয় চৰকাৰী/চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত/পৌৰনিগমৰ স্কুল আৰু এ ডব্লিউ চিৰ মঞ্চৰ জৰিয়তে। আই এফ এ বিতৰণৰ কাৰণে প্ৰৱেশ কৰি ৰণ কৌশলত অৰ্ন্তভূক্ত কৰা হয় এটা ``নিৰ্দিষ্ট দিন- সোমবাৰ``। শিক্ষকসকল আৰু এ ডব্লিউ ডব্লিউ য়ে পৰিদৰ্শন কৰিব হিতাধিকাৰীৰ দ্বাৰা আই এফ এ বড়ী লোৱা-নোলোৱাটো।

    লক্ষ্য:

    ৫-১০ বছৰৰ ভিতৰৰ ল`বা-ছোৱালীৰ মাজত ৰক্তহীনতা নিয়ন্ত্ৰণৰ কাৰণে এই এফ এ সহায়ক কাৰ্য্যসূচী সাপ্তাহিক ভিত্তিত বিদ্যালয় আৰু অঙ্গনবাড়ীত অনুষ্ঠিত কৰা হয়।

    বস্তুনিষ্ঠ উদ্দেশ্য:

    • আই এফ এ বড়ীৰ প্ৰশাসন নিশ্চিতি কৰিবলৈ প্ৰতি সপ্তাহত এবাৰ আৰু `এবেনডাজল` এবছৰত দুবাৰ ব্যৱহাৰ কৰিব কৃমি মুক্তিৰ কাৰণে।
    • বয়ঃসন্ধি কালৰ ল`ৰা-ছোৱালীক দেহত লৌহ পদাৰ্থ বৃদ্ধিৰ কাৰণে শুদ্ধ আহাৰ তালিকাৰ তথ্যৰ যোগান।
    • বয়ঃসন্ধিৰ মাজত কৃমি বৃদ্ধিত প্ৰতিৰোধ আনিবলৈ তথ্যৰ বহুল প্ৰচাৰ কৰা আৰু কৃমি ভৰিৰে প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি কৰিবলৈ জোতা-চেণ্ডেলৰ ব্যৱহাৰ শিকোৱা, পৰিস্কাৰ-পৰিচছন্নতাৰ অভ্যাস গঠনত উৎসাহ যোগোৱা।
     

    বছৰত দুবাৰ কৃমি বা পেলুমুক্ত (এলবেনডাজল ৪০০ এম জিৰ প্ৰশাসন) অভিযান চলোৱা হয় পেলু প্ৰতিৰোধ কৰাৰ বাবে। পুষ্টকৰ খাদ্য আৰু সুষম আহাৰ লোৱাত উন্নতি ঘটোৱাৰ কাৰণে পৰামৰ্শ আৰু অন্ত্ৰত ভৰি পৰা পেলু প্ৰতিৰোধৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণৰ কাৰণে তথ্য বহুল প্ৰচাৰ কৰা।