I am now accessing as a :

Government Of Assam Health & Family Welfare National Health Mission

দাতব্য চিকিৎসালয়ৰ লগত পি পি পি

  • আঁচনিৰ বিষয়ে :

    বৃহৎ পৰিমাণৰ দুখীয়া লোকক স্বাস্থ্য যত্ন সেৱাৰ যোগান ধৰাত দাতব্য চিকিৎসালয়ৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ। এন এইচ এম, অসমে ব্যক্তিগত চিকিৎসালয়/ন্যাসাধীন চিকিৎসালয়ৰ লগত এম ও ইউ স্বাক্ষৰ কৰিছে মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ উন্নতি ঘটোৱাৰ বাবে জিলাবোৰত বিশেষকৈ পৌৰনিগমৰ ৱাৰ্ডবোৰ প্ৰধানত দায়ী থাকে তলৰ সেৱা সমূহ যোগান ধৰাত পাৰস্পৰিক সন্মতত উপনীত হোৱা হিছাপে।

    1. নিৰ্বাচিত ৱাৰ্ডত/বিশেষ জিলাকেইখনৰ বস্তি অঞ্চলৰ মহিলা আৰু শিশুৰ স্বাস্থ্য সেৱাসমূহ।
    2. শিশুৰ টিকাকৰণ।
    3. সকলো মহিলাৰ বাবে জন্ম পূৰ্বৰ অৱস্থাত সময়-সূচী পৰিচালনা।
    4. বুনিয়াদি পৰীক্ষাগাৰ সেৱাসমূহ যেনে ৰক্ত, শৌচ-প্ৰস্ৰাৱ পৰীক্ষা সাম্ভাব্য মাতৃগৰাকীৰ।
    5. এই ৱাৰ্ডবোৰৰ কাৰণে চিকিৎসালয়ত গৰ্ভৱতী মাতৃ গৰাকীয়ে সন্তান জন্ম দিব চিকিৎসালয় পৰিচালন কৰ্তৃপক্ষ আৰু জিলা স্বাস্থ্য সমিতিয়ে নিৰ্ধাৰণ কৰা আৰু সিদ্ধান্ত লোৱা হাৰত।
    6. পৰিয়াল কল্যাণ সেৱা ই. জি. ও চি পিল, কণ্ডম, আই ইউ চি ডি অন্তৰ্ভূক্তি আৰু স্থায়ী বিশুদ্ধকৰণ আৰু নিৰাপদ গৰ্ভপাতৰ কাৰণে এম টি পি সেৱাসমূহ চিকিৎসালয় প্ৰাংগনত নিয়মিতভাৱে কৰা হয়।
    7. ও পি ডি সেৱাসমূহ।
    8. জনসংখ্যাৰ স্থিৰতা অনাৰ ওপৰত পৰিয়াল পৰিকল্পনা পদ্ধতিৰ ব্যৱহাৰৰ দ্বাৰা জনসজাগতা সৃষ্টি কৰা।

    পি পি পিৰ অধীনত দাতব্য চিকিৎসালয়ৰ তালিকা লগতে এন এইচ এম অসম, ২০১৬-১৭

    ক্ৰঃ নং.জিলাৰ নামদাতব্য চিকিৎসালয়ৰ নাম
    বৰপেটাপাঠশালা মেটাৰনিটি, পলিক্লিনিক আৰু গৱেষণা কেন্দ্ৰ
    ছিৰাংচেণ্ট আগষ্টাইন চিকিৎসালয়, ছিৰাং
    কাচাৰবোৰোচ মেমোৰিয়েল খ্ৰীষ্টান চিকিৎসালয়
    শিৱ-সুন্দৰী নাৰী শিক্ষাশ্ৰম চিকিৎসালয়
    ডিমা হাছাওহলি স্পিৰিট চিকিৎসালয়, হাফলং
    কামৰূপ মহানগৰছাত্ৰীবাৰী খ্ৰীষ্টান চিকিৎসালয়
    ৰেজ ক্ৰছ চিকিৎসালয়
    তিনচুকীয়াচেণ্ট লুকেচ চিকিৎসালয়
    শোণিতপুৰবৰগাং কেথেলিক চিকিৎসালয়
    ১০কৰিমগঞ্জমাকণ্ড খ্ৰীষ্টান কুষ্ঠ আৰু সাধাৰণ চিকিৎসালয়

    পুঁজি অনোমোদন :

    প্ৰতি বছৰত ১৫,০০,০০০ টকাৰ যোগান ধৰা হয় চিকিৎসালয় পৰিচালন সমিতিলৈ ওপৰত উল্লেখিত সেৱাসমূহ আগবঢ়াবলৈ।

    নিৰ্দ্দেশাৱলী:

    1. নিৰ্ধাৰিত পুঁজি ব্যৱহাৰ কৰা হয় মাহেকীয়াভাৱে চহৰ/উপকণ্ঠ শিবিৰত, দৰৱত, মানৱ শক্তি আৰু চিকিৎসালয় পৰিচালনাত।

           দুটা কিস্তিত পুঁজি মুকলি কৰি দিয়া হয়

           প্ৰথম অগ্ৰিম মুকলি কৰি দিয়া হয় এক্সন প্লেনত অনুমোদন জনোৱা বিশেষ কামৰ কাৰণে।

    2. দ্বিতীয় আৰু পৰৱৰ্তী অগ্ৰিমবোৰ মুকলি কৰা হয় ৭৫% ইউ চি জমা কৰি আৰু বাকীৰোৱা অগ্ৰিমবোৰৰ প্ৰতিবেদন পৰীক্ষা কৰিহে।
    3. সেৱাসমূহৰ মাহেকীয়া প্ৰতিবেদন উল্লেখিত জিলাৰ স্বাস্থ্য সেৱা সমূহৰ যুটীয়া সঞ্চালকৰ ওচৰত জমা দিব লাগে।
    4. চিকিৎসালয়ৰ তথ্য সম্পৰ্কীয় বিভাগীয় নথি হিচাপে আৰু যেতিয়া প্ৰয়োজনবোধ কৰা হয় চিকিৎসালয়ে যোগান ধৰে।