I am now accessing as a :

Government Of Assam Health & Family Welfare National Health Mission

চাহ বাগানৰ চিকিৎসালয়ৰ লগত পি পি পি

  • আঁচনিৰ বিষয়ে:
    চাহ জনগোষ্ঠীটো অসমৰ এটা প্ৰান্তৱৰ্তী আৰু সামাজিক ভাৱে অৱহেলিত গোষ্ঠী। প্ৰাথমিক স্বাস্থ্য যত্ন সম্পৰ্কীয় সেৱা-সুবিধাৰ পৰা তেওঁলোক সদায় বঞ্চিত হৈ হয় আৰু সেয়ে উচ্চহাৰত বেমাৰৰ বোজা বব লগা হয় বাবে মৃত্যুৰ হাৰো বেছি হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম) অসমে কাৰ্য্যকৰী কৰিছে বুজাপৰাৰ স্মাৰক চুক্তি ব্যক্তিগত, ৰাজহুৱা অংশীদাৰীত্ব(পি পি পি )ৰ অধীনত চাহ বাগানৰ চিকিৎসালয়ৰ লগত চাহ বাগিছাৰ সকলো কৰ্মচাৰীৰ, ওচৰ এলেকাৰ মানুহৰ বাবে স্বাস্থ্য যত্ন সেৱা সুবিধা পৰ্য্যাপ্ত কৰাৰ উদ্দেশ্যে। এই আঁচনিখন অসমত শুভাৰম্ভ কৰা হৈছিল ২০০৭-০৮ চনত। সদ্যহতে ৫০ খন চাহ বাগিছাৰ চিকিৎসালয়ক এন এইচ এম, অসমৰ ছত্ৰছাঁয়ালৈ অনা হয় আৰু ক্ৰমে বাকী সকলোবোৰকে অনা হয়। বৰ্তমান ১৫০ সংখ্যক চাহ বাগিছাৰ চিকিৎসালয়ত এই আঁচনি কাৰ্য্যকৰী কৰা হৈছে য`ত কাছাৰত ১৫ খন, ডিব্ৰুগড়ত ৩৭ খন, গোলাঘাটত ১২ খন, যোৰহাটত ৭ খন, লক্ষীমপুৰত ৪ খন, মৰিগাঁৱত এখন, নগাঁৱত ৭খন, শিৱসাগৰত ১৬ খন, শোণিতপুৰত ২১ খন, তিনচুকীয়াত ১৭ খন আৰু ওদালগুৰিত ৭ খন

    আঁচনিৰ পোহৰ পৰা এলেকাবোৰ হ`ল-

    • বস্তুগত আৰু শিশু স্বাস্থ্য যত্ন সেৱাৰ যোগান ধৰা।
    • জৰুৰী সেৱাসমূহ।
    • প্ৰেৰণ কৰা সেৱাসমূহ।
    • সংক্ৰমন আৰু অসংক্ৰমন বেমাৰবোৰৰ যত্ন লোৱা আৰু
    • চাহ বাগিছাৰ চিকিৎসালয়বোৰৰ আন্তঃগাঁথনি মজবুত কৰা।
     

    চাহ বাগিছাৰ চিকিৎসালয়ত নিযুক্ত পেৰামেডিক আৰু চিকিৎসকক উদগনিমূলক/দৰমহা দিয়াৰ কাৰণে আঁচনিৰ পুঁজিৰ ধন খৰচ কৰা হয়। বিত্তীয় সাহাৰ্য্য আৰু কামত লাগে চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰা, সা-সৰঞ্জাম ক্ৰয় কৰা, চিকিৎসালয় বঢ়োৱা আৰু সেৱামূলক কাৰ্য্যবোৰৰ উন্নতি ঘটোৱাত। বাগানৰ চিকিৎসালয়বোৰত ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। প্ৰতিখন চিকিৎসালয়ক একো খনকৈ এম্বুলেঞ্চ দিয়া হৈছে পি পি পি আঁচনিৰ আধাৰত প্ৰেৰিত সেৱাৰ উদ্দেশ্যত।

    নিৰ্দেশাৱলী
    অভিযান সংক্ৰান্তীয়:
    জিলা স্বাস্থ্য সমিতি আৰু চাহ বাগিছাৰ চিকিৎসালয় পৰিচালনা সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰ কৰা হৈছে আঁচনিখনৰ শুভাৰম্ভ কৰিবলৈ। এম ও আই অনুসৰি চাহ বাগিছাৰ চিকিৎসালয়ে আঁচনিৰ নিদ্দেৰ্শাৱলীক মান্যতা দিব আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দ্বাৰা আগবঢ়োৱা মান ৰক্ষা কৰিব।

    বিত্তীয়:
    পি পি পিৰ অধীনত কেন্দ্ৰৰ সাহাৰ্য্য হিছাবে প্ৰতিখন বাগিছাৰ চিকিৎসালয়লৈ সম্প্ৰতি ৭.৫ লাখ টকা আবণ্টন দিয়া হৈছে। মান নীতি অনুসাৰে পুঁজি দুটা কিস্তিত মুকলি কৰি দিয়া হয়। প্ৰথমটো কিস্তি এম ও ইউৰ নিৰ্দেশত আৰু দ্বিতীয় কিস্তি মুকলি কৰি দিয়া হয় প্ৰথম কিস্তিৰ এছ ও ই আৰু ইউ চি জমা কৰাৰ পাছত।

    প্ৰতিবেদন:
    চাহ বাগিছাৰ চিকিৎসালয় সমূহে মাহেকীয়া প্ৰতিবেদন পঠাব লগা হয় প্ৰদান কৰিব লগীয়া মুখ্য কামবোৰৰ অবয়বিক উন্নতি আৰু এন এইচ এম, অসমে নিৰ্ধাৰিত কৰি দিয়া বিত্তীয় সাফল্যৰ আকাৰত।

    সামৰণি:
    শেষত কোৱা হয় যে চাহ বাগানৰ চিকিৎসালয়বোৰে পি পি পি ৰ সহযোগত এন এইচ এম, অসমে অসম চৰকাৰৰ অভিপ্ৰায় গুৰুত্বসহকাৰে প্ৰকাশ কৰে চাহ বাগিছা আৰু ইয়াৰ ওচৰৰ এলেকা কৰ্মী আৰু সাধাৰণ লোকক স্বাস্থ্য যত্ন আৰু মেডিকেল সা-সুবিধা প্ৰদান কৰাত। সম্প্ৰতি ১৫০ (২০১৫-১৬) খন চাহ বাগিছা পি পি পি অধীনত এন এইচ এম, অসমে সামৰি লৈছে আৰু বেছি সংখ্যক চাহ বাগিছা ভৱিষ্যতে লোৱাৰ লক্ষ্য ৰাখিছে।

    বিত্তীয় বৰ্ষ ২০১৩-১৪/২০১৪-১৫/২০১৫-১৬ৰ পি পি পি ৰ অধীনত চাহ বাগিছাৰ চিকিৎসালয় তালিকাৰ কাৰণে ইয়াত ক্লিক কৰক।