মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

জননী সুৰক্ষা যোজনা (জে এছ ৱাই)ৰ অধীনত লাভ গ্ৰহণ

জননী সুৰক্ষা যোজনা (জে এছ ৱাই) ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাধীন আঁচনি যি মাতৃ আৰু কেঁচুৱাৰ মৃত্যুৰ হাৰ কমোৱাৰ কাৰণে কাৰ্য্যকৰী কৰা হৈছে গৰ্ভৱতী মহিলাই স্বাস্থ্য প্ৰতিষ্ঠানত সন্তান প্ৰসৱ কৰোৱাৰ হাৰ উন্নতিৰ দ্বাৰা। জে এছ ৱাইৰ অধীনত, যোগ্য গৰ্ভৱতী মহিলাই নগদ ধন প্ৰাপ্তিৰ অধিকাৰ লাভ কৰিব চৰকাৰী বা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্য প্ৰতিষ্ঠানত কিমান সংখ্যক সন্তান জন্ম দিলে নতুবা মহিলাৰ বয়স নিৰ্বিশেষে।

  • যদি গাওঁ অঞ্চলৰ বঞ্চিত মহিলা এগৰাকীয়ে চৰকাৰী নতুবা চৰকাৰী স্বীকৃতি প্ৰাপ্ত স্বাস্থ্য প্ৰতিষ্ঠানত সন্তান প্ৰসৱ কৰে ১৮০০ টকা নগদ ধন প্ৰাপ্তি হ`ব প্ৰসৱৰ পাছত, বয়স জন্মৰ শ্ৰেণী বা আয়-উপাৰ্জন শ্ৰেণী (বি পি এল আৰু এ পি এল) নিৰ্বিশেষে।
  • যদি চহৰ অঞ্চলৰ আকাংক্ষিত মহিলাই চৰকাৰী নতুবা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্য প্ৰতিষ্ঠানত সন্তান জন্ম দিয়ে, বয়স, বৰ্ণ বা আয়-উপাৰ্জনৰ শ্ৰেণী নিৰ্বিশেষে (বি পি এল আৰু এ পি এল) লাভ কৰিব ১০০০ টকাৰ নগদ ধন ৰাশী।
  • যদি বি পি এল শ্ৰেণীৰ এগৰাকী বঞ্চিত মহিলা ঘৰতে সন্তান জন্ম দিয়ে তথাপি তেওঁ লাভ কৰিব ৫০০ টকাৰ নগদ ধন বয়স বা শিশুৰ সংখ্যা নধৰি।
  • ৰাজ্য চৰকাৰে ডি বি টি ( ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ) পৰিশোধৰ ব্যৱস্থাৰ কাৰ্য্যকৰী কৰিছে। এই উদ্যোগৰ অধীনত অৰ্হতাসম্পন্ন গৰ্ভৱতী মহিলাই জে এছ ৱাই লাভ প্ৰাপ্তিৰ অধিকাৰ গ্ৰহণ কৰে প্ৰত্যক্ষভাৱে বেংক একাউণ্টৰ জৰিয়তে।