মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য অভিযান(এন ইউ এইচ এম)

  • পৰিচয় :

    ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য অভিযান (এন ইউ এইচ এম) এটা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উপ অভিযান ( এন এইচ এম) হিচাপে কেবিনেটে অনুমোদন জনাই প্ৰথম মে, ২০১৩ চনত। এই অভিযানে মুখা মুখি হয় চহৰ অঞ্চলৰ বস্তি অঞ্চলত বস-বাস কৰা সাধাৰণ লোকসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ। বিস্তৰ স্বাস্থ্য সিদ্ধান্তকৰণ সম্পৰ্কীয় বিভিন্ন আঁচনি ই সামৰি লয়, যেনে নিৰাপদ খোৱা পানীৰ যোগান, পৰিস্কাৰ শৌচালয়, স্কুল শিক্ষা ইত্যাদি চহৰ উন্নয়ন মন্ত্ৰীয় দ্বাৰা কাৰ্য্যকৰী কৰা হয় লগতে গৃহ আৰু চহৰ দৰিদ্ৰতা নিবাৰণ, মানৱ সম্পদ উন্নয়ণ আৰু মহিলা আৰু শিশু উন্নয়ন ইত্যাদি।

    এই কাৰ্য্যসূচীৰ অধীনত, স্বাস্থ্যৰ আন্তঃ গাঁথনি শক্তিশালী কৰা আৰু স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্য সুবিধাত মানৱ সম্পদ নিয়োগৰ কাৰণে সাহাৰ্য্যৰ যোগান ধৰা। স্বাস্থ্য খণ্ডত ৰাজহুৱা অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ, এটা ৰাজহুৱা স্বাস্থ্য স্বেচ্চাসেৱা এ এছ এইচ এক উন্নত কৰা হৈছে আৰু ৰাজহুৱা ভিত্তিত গঠন হোৱা গোট যেনে `` মহিলা আৰোগ্য সমিতি`` (এন এ এছ)বোৰ গঠন কৰা হয় ৫০-১০০ ঘৰ মানুহৰ মাজৰ পৰা।

    এই কাৰ্য্যসূচীয়ে চহৰৰ স্বাস্থ্য প্ৰয়োজনৰ বিশেষত্বক সামৰে যিটোৱা নিযুক্ত কৰে অসংক্ৰমিত বেমাৰ (এন চি ডি), বেমাৰৰ বোজাৰ এটা মুখ্য অংশ হিচাপে।

    এন ইউ এইচ এমে তলত উল্লেখ কৰা বিষয়ৰ ওপৰত দৃষ্টি আৰোপ কৰে-

    1. চহৰ অঞ্চলত বাস কৰা তালিকাভূক্ত আৰু বস্তি অঞ্চলৰ তালিকা বহিৰ্ভূত সকলো দৰিদ্ৰ লোক।
    2. ভেদ কৰিব পৰা জনসংখ্যা যেনে গৃহহীন, আৱৰ্জনা সংগ্ৰহকাৰী, পথৰ শিশু, ৰিক্সা চালক, ইটা-চিমেণ্টৰ কাম কৰা কৰ্মী, যৌন কৰ্মী আৰু আন অস্থায়ী প্ৰব্ৰজনকাৰী।
    3. জনস্বাস্থ্যই জোৰ দিয়ে পৰিষ্কাৰ-পৰিচ্চন্নতাত, পৰিষ্কাৰ খোৱা পানী, বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ নিয়ন্ত্ৰণ।
    4. চহৰৰ স্থানীয় গোটৰ জৰিয়তে জন স্বাস্থ্য ক্ষমতা শক্তিশালী কৰা।

    অসমত, এন ইউ এইচ এমে ১৪খন চহৰ/জিলা সদৰ য`ত ৫০ হাজাৰৰ ওপৰ জনসংখ্যা আছে। সেইবোৰ হ`ল ১. কামৰূপ মহানগৰ, ২. কাচাৰ, ৩. ডিব্ৰুগড়, ৪. নগাওঁ, ৪. বঙাইগাওঁ, ৬. ধুবুৰী, ৭. গোৱালপাৰা, ৮. যোৰহাট, ৯. কৰিমগঞ্জ, ১০. লক্ষীমপুৰ, ১১. শিৱসাগৰ, ১২. শোণিতপুৰ, ১৩. তিনিচুকীয়া আৰু ১৪. কাৰ্বিআংলং।

    সম্প্ৰতি ১৩৩৬ গৰাকী আশা কৰ্মীয়ে কাম কৰি আছে এম এ এছৰ ৬৩৪ গৰাকীৰ লগতে উল্লেখিত জিলা কেইখনৰ ৰাজহুৱা পৰ্য্যায়ত।

    অভিযানটোৱে চেষ্টা চলাই আছে চহৰৰ দুখীয়া সকলৰ স্বাস্থ্য সম্বোধিত চহৰ স্বাস্থ্যৰ যোগান ব্যৱস্থাৰ এটা স্থায়ী ৰূপ দিয়াৰ কাৰণে।