মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

জন্মগত হৃদৰোগ থকা শিশুৰ কাৰণে বিনামূলীয়া অস্ত্ৰোপচাৰ

  • নাৰায়না হৃদয়ালয়, বাংগালুৰু, কলকাতা আৰু গুৱাহাটী. (অসম চৰকাৰৰ উদ্যোগত)

    স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰে শুভাৰম্ভ কৰিছে এখন নতুন আঁচনি, যাৰ দ্বাৰা, অসম চৰকাৰে অস্ত্ৰোপচাৰৰ সকলো খৰচ বহন কৰিব যিবোৰ শিশু অসমৰ স্থায়ী বাসিন্দা আৰু অসমত বাস কৰে আৰু যিবোৰ শিশুক জন্মগত হৃদৰোগৰ বাবে অস্ত্ৰোপচাৰৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছে : ডব্লিউ. ই. এফ. ০১-০৭-২০১০।

    অসম চৰকাৰে ৰোগী শিশুটিৰ লগতে এজন অভিভাৱকৰ বিমান ভাড়া বহন কৰিব গুৱাহীটাৰ পৰা প্ৰেৰণ কৰা হস্পিতেললৈ, তাৰোপৰি থকা-খোৱাৰ সু-ব্যৱস্থাৰ যোগান ধৰা হ`ব তাত নতুবা ওচৰৰে বাহিৰৰত কৰবাত শিশুটিৰ চিকিৎসাধীন সময়চোৱাত।

    যোগ্যতা:

    • আঁচনিখন কাৰ্য্যকৰী হয় প্ৰথম জুলাই ২০১০ৰ পৰা।
    • ৰ পৰা ১৪ বছৰৰ ভিতৰত হ`লে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হলে জি এম চি এইচৰ শিশু আস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বীৰ দ্বাৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
    • অভিভাৱকজন অসমৰ স্থায়ী বাসিন্দা হ`ব লাগিব আৰু তেওঁৰ বছৰেকীয়া আয় ৬.০০ লাখ টকাৰ বেছি হ`ব নোৱাৰিব।

    প্ৰক্ৰিয়া:

    তলত উল্লেখ কৰা নথি সহিতে ৰোগীয়ে ন`ডেল বিষয়াৰ ওচৰত আবেদন কৰিব লাগে:

    • আৰ্থিক সাহাৰ্য্যৰ কাৰণে ন`ডেল বিষয়াৰ ওচৰত আবেদন কৰিব লাগে।
    • অসমত বাস কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ।
    • ঠিকনা প্ৰমাণ।
    • অৰ্হতা সম্পন্ন আৰু যোগ্য হৃদৰোগ অস্ত্ৰোপচাৰকৰ দ্বাৰা হৃদৰোগ আস্ত্ৰোপচাৰ প্ৰয়োজনৰ বাবে মেডিকেল প্ৰমাণ পত্ৰ।
    • পৰীক্ষাগাৰৰ পৰীক্ষাৰ খৰচৰ ৰ`চিদ (যেনো- এক্সৰে-প্ৰতিবেদন, চিকিৎসাকৰ পৰামৰ্শ, পেথ`ল`জি পৰীক্ষাৰ প্ৰতিবেদন ইত্যাদি) সহ বেমাৰ সম্পৰ্কীয় সকলো ধৰণৰ নথি ন`ডেল বিষয়াৰ ওচৰত উপস্থাপন কৰিব লাগে বিষয়টো বিবেচনাৰ কাৰণে।
    • হৃদৰোগ আস্ত্ৰোপচাৰৰ কাৰণে প্ৰেৰণ কৰিব খোজা কোন্দ্ৰৰ নাম সহ প্ৰেৰণৰ প্ৰমাণ পত্ৰ।
    • অভিভাৱকৰ নিযুক্তিৰ সবিশেষ।
    • আয়ৰ প্ৰমাণ পত্ৰ
    • অস্ত্ৰোপচাৰৰ নিৰ্ধাৰিত তাৰিখ উল্লেখ কৰি প্ৰেৰণ কৰা হস্পিতেললৈ চিঠি পঠাব।
    • ৰোগীজন ন`ডেল বিষয়াৰ সম্নুখত উপস্থিত হোৱাটো বাধ্যতামূলক আৰু শৰীৰ পৰীক্ষা কৰাৰ পৰা ৰেহাই পাব তেনেকুৱা অব্যাহতি ব্যৱস্থাৰ ভিত্তিত।

    আঁচনিৰ বিষয়ে প্ৰয়োজনীয় তথ্যৰ কাৰণে, মানুহজনে ড. অভিজিৎ শৰ্মাৰ লগত যোগাযোগ কৰিব পাৰে। ড. শৰ্মা অতিৰিক্ত অধীক্ষক, জি এম চি এইচ নতুবা হৃদৰোগ বিভাগ, জি এম চি এইচ, গুৱাহাটী।

    মুঠ ৪১৭২ টা শিশু এই আঁচনিৰ অধীনত চিকিৎসা কৰা হয় ২০০৯-১০ চনৰ পৰা ২০১৬-১৭ চনলৈ।

    বিত্তীয় স্থিতি:

    ২০১৬-১৭ চনলৈ অসম চৰকাৰে ২৭.২০ কোটি টকা অনুমোদন কৰিছে চি এইচ ডি আঁচনিৰ অধীনত। অনুমোদিত মুঠ টকাৰ ভিতৰত ৫৪.৬৭ কোটি টকা ব্যৱহাৰ কৰা হয়।