মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

জনজাতি আৰ চি এইচ

  • আঁচনিখনৰ বিষয়ে:

    জনজাতি আৰ চি এইচ কাৰ্য্যসূচীৰ উদ্যোগ গ্ৰহণ কৰা হয় চৰকাৰৰ দ্বাৰা সেইসকল লোকৰ বাবে যিসকল হয় স্বাস্থ্য যত্ন সুবিধাৰ পৰা বঞ্চিত নহয় ভৌগোলিক অৱস্থানৰ কাৰণে বঞ্চিত হ`ব লগা হৈছে নতুবা পৰ্য্যাপ্ত স্বাস্থ্য পৰামৰ্শৰ অভাৱ আৰু মানৱ সম্পদৰ অভাৱ ইত্যাদি।

    • আঁচনিৰ উদ্দেশ্য হ`ল প্ৰতিষ্ঠানিক সেৱাই সামৰি নোলোৱা ঠাইত গৈ আৰু সেৱাধীন এলেকা যদিও অৰক্ষিত জনজাতিৰ জনসংখ্যাৰে গঠিত।
    • সহজ, বিনামূলীয়া আৰু মানযুক্ত যত্ন সেৱা যোগান ধৰা হয় গৰ্ভৱতী মহিলা, শিশু আৰু সমাজৰ আন দুৰ্বল শ্ৰেণীৰ কাৰণে স্বাস্থ্য শিবিৰ স্থাপন কৰি।

    জানজাতি আৰ চি এইচে অভিযান আৰম্ভ কৰে এটা কাৰিকৰী দল লৈ যিটো গঠন হয় এজন চিকিৎসা বিষয়া, ২জন এ এন এম, এজন ফাৰ্মাছিষ্ট, এজন পৰীক্ষাগাৰ কাৰিকৰ, ২ জন এম পি ডব্লিউ/এছ ডব্লিউ আৰু এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী প্ৰতিৰোধ আৰু উপশম সেৱা আগবঢ়োৱাৰ বাবে।

    সম্প্ৰতি জনজাতি আৰ চি এইচ কাৰ্য্যসূচীয়ে অসমৰ ৫ খন জিলাক সামৰি লৈছে, জিলাকেইখন হ`ল বাক্সা, চিৰাং, ডিমাহাছাও, কাৰ্বি আংলং আৰু কোকৰাঝাৰ। (বাক্সা আৰু ডিমাহাছাও অন্তৰ্ভূক্ত হৈছে ২০১৩-১৪ চনত মাত্ৰ)। এই জিলাবোৰ চিনাক্ত কৰা হৈছে জনজাতি লোকৰ জনগাঁথনিৰ ধৰণ অনুযায়ী, লগতে ভৌগলিক অৱস্থানৰ দুৰ্গমতাৰ কাৰণে (দূৰ আৰু দূৰ্গম) ওচৰ পৰিধিত থকা স্বাস্থ্য সুবিধাৰ ওচৰ চাপিব নোৱাৰে।

    তলত উল্লেখ কৰা কামবোৰ শিবিৰ স্থানত কৰা হয়:
    • প্ৰাকজন্মকালীন আৰু জন্মৰ পাছৰ পৰীক্ষা, টিকাকৰণ সেৱা ইত্যাদি।
    • পৰিয়ালপৰিকল্পনা সেৱা (আই ইউ চি ডি সন্নিৱিষ্ট কৰা) আৰু আন আৰ চি এইচ কাম-কাজবোৰ।
    • সাধাৰণ স্বাস্থ্য পৰীক্ষা: চিকিৎসা, মেলেৰিয়া নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ।
    • আচৰণ জনিত বেমাৰৰ নিৰীক্ষণ।
    • ঔষধ, দৰব, ব্যৱহাৰ্য্য সামগ্ৰী ইত্যাদি যেনে কুইনাইন, ব্লাড স্লাইদ, অস্ত্ৰোপচাৰ কৰা ছুৰি, স্পিৰিট, ও চি পি, চি চি, আই এফ এ ইত্যাদি।
    • আই ই চি আৰু বি চি চিৰ মধ্যস্থতাকৰণ যেনে গণ মাধ্যম, মেল-মিটিং, এফ জি ডি, আন্তঃব্যক্তিগত যোগাযোগ ইত্যাদি।
    • স্বাস্থ্ৰ উন্নতি, শিক্ষা আৰু সজাগতা সৃষ্টিৰ কাৰ্য্যসূচী।

    আই ই চিৰ কাৰ্য্যবোৰো হাতত লোৱা হ`ব সজাগতা সৃষ্টি আৰু স্বাস্থ্য উন্নতিৰ কাৰণে শিবিৰৰ সময়চোৱাত।

    লাভৱান হ`ব :

    প্ৰতিষ্ঠানিক ব্যৱস্থাই সামৰি ল`ব নোৱাৰা আৰু অৰক্ষিত জনজাতি জনসংখ্যা বহুল এলেকা যিবোৰত সেৱা কাৰ্য্য চলি আছে।