মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

বিনামূলীয়া ঔষধ সেৱা

  • স্বাস্থ্য খণ্ডত ভাৰত চৰকাৰৰ দ্বাৰা এক প্ৰসিদ্ধ উদ্যোগ লোৱা হয় ২০১৩-১৪ চনত, সি হ`ল ``ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান-বিনামূলীয়া ঔষধ সেৱা``। ইয়াৰ দ্বাৰা লক্ষ্য ৰখা হৈছিল ফলদায়ক স্বাস্থ্য যত্ন আভাৱী সকলক আৰু তেওঁলোকক চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান আৰু হস্পিতেলত প্ৰয়োজনীয় দৰৱ বিনামূলীয়াকৈ যোগান ধৰা।

    বছৰ বছৰ ধৰি স্বাস্থ্য যত্ন খৰচ এই দেশত চকুত পৰা ধৰণে বৃদ্ধি পায় মাৰাত্মক প্ৰৱণতালৈ ধাৱিত হয়, বিশেষকৈ গ্ৰাম্য জনসংখ্যাৰ মাজত। বিত্তীয় বোজা সহজ কৰাৰ কাৰণে সৰ্বসাধাৰণ লোকে সকাহ বিছাৰে বিভিন্ন অসুখৰ পৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন অসমে আঁচনিখন কাৰ্য্যকৰী কৰিছে সকলোবোৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত প্ৰয়োজনীয় দৰব আৰু অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে। এতিয়া সাধাৰণ অসুখ অনুসৰি, এন এইচ এম, অসমে তেওঁলোকৰ ৰোগীবোৰক যত্ন লোৱাৰ মানস লৈছে জীৱনলৈ ভাবুকি আহিব পৰা ৰোগ যেনে কৰ্কট, হেমোফিলিয়া, সদ্যজাত কেঁচুৱাৰ থেলাচেমিয়া, স্নায়ৱিক, হৃদযন্ত্ৰ ৰোগ, বৃক্কৰ বিসংগতি ইত্যাদি।

    প্ৰয়োজনীয় ঔষধবোৰ লাভ কৰিব পৰা হ`ব বৰ্গীয় ঠাঁচত আৰু সেইবোৰ বিনামূলীয়াকৈ যোগান ধৰা হ`ব সকলোবোৰ ও পি ডি আৰু আই পি ডি ৰোগীক অসমৰ যি কোনো চৰকাৰী হস্পিতেলত। প্ৰসংগক্ৰমে উল্লেখ কৰি থোৱা ভাল হ`ব যে ও পি ডি আৰু আই পি ডি ৰোগীৰ সংখ্যা যোৱা বিত্তীয় বছৰৰ ২০১৬-১৭ ডিছেম্বৰ মাহলৈ ক্ৰমে ২,৪৫,৫১,৮৭৭ আৰু ৯,০৭,৫৫৫। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাজেটত ধন ধাৰ্য্য কৰি সহায় আগবঢ়াই প্ৰয়োজনীয় ঔষধ ৰোগীক বিনামূলীয়াকৈ যোগান ধৰি যিবোৰ ৰোগী চৰকাৰী হস্পিতেললৈ আহে।

    সাৰ্বজনীন স্বাস্থ্য আৱৰণৰ ভাৰত চৰকাৰৰ লক্ষ্যপূৰণৰ স্থায়ী উন্নতিৰ উদ্দেশ্যে, লগতে বিত্তীয় সংশয় সুৰক্ষণ, প্ৰয়োজনীয় গুণগত স্বাস্থ্য যত্ন সেৱাত প্ৰৱেশ, নিৰাপদ, ফলদায়ক গুণগত সেৱা আৰু প্ৰয়োজনীয় ঔষধ যোগান আৰু সকলো শ্ৰেণীৰ ৰোগাৰ বাবে টিকা/ছিটা, অসম ৰাজ্যই নৱীকৰণ ঔষধৰ তালিকা (ই ডি এল)জাননী জাৰি কৰি প্ৰকাশ কৰিছে য`ত বহু সংখ্যক বিনামূলীয়া ঔষধ বৃদ্ধি কৰা হৈছে ২৩৮ৰ পৰা ৭৩১লৈ (শক্তি আৰু ঔষধৰ পৰিমাণ গঠন অনুযায়ী ৪০৭ শ্ৰেণীৰ বিপৰীতে ৭৩১ বিধ) সংক্ৰমিত আৰু সংক্ৰমনৰহিত বেমাৰৰ বহল ভিত্তিত যাতে সাধাৰণ মানুহে বিত্তীয় বোজাৰ পৰা ৰেহায় পায় আৰু বিভিন্ন বেমাৰৰ পৰা উপশম পাব পাৰে, তাৰ লগে লগে যিবোৰত ঔষধী চিকিৎসা হৈপৰে বৰ খৰচী বেশেষকৈ বি পি এল পৰ্য্যায়ৰ লোকৰ লগতে এ পি এল পৰিয়ালৰ বাবেও। সেয়ে, অসম চৰকাৰে এখন আঁচনি কাৰ্য্যকৰী কৰিছে প্ৰয়োজনীয় ঔষধ আৰু অস্ত্ৰোপচাৰৰ যোগান ব্যৱস্থা সকলো শ্ৰেণীৰ কাৰণে সকলো চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান যেনে ৰাজ্যৰ ২৭ খন জিলাত সিচৰিত হৈ থকা পি এইচ চি/চি এইচ চি/ডি এইচ মেডিকেল কলেজত। এখন মানযুক্ত নতুন ই ডি এল প্ৰকাশ কৰা হয় ৰাষ্ট্ৰীয় প্ৰয়োজনীয় ঔষধ তালিকা (এন ই এল এম)।

    ১) প্ৰয়োজনীয় ঔষধৰ তালিকা (ই ডি এল)

    ৰাজ্যৰ নিজা প্ৰয়োজনীয় ঔষধৰ তালিকা (ই ডি এল ) আছে যিখনৰ ভিত্তিত সংগ্ৰহ কাৰ্য্য হাতত লোৱা হয়। সা-সুবিধা অনুযায়ী ই ডি এল প্ৰকাশৰ জাননী জাৰি কৰা হয় অসম চৰকাৰৰ দ্বাৰা ০৫.০৬.২০১৬ত তলত দিয়া ধৰণে:

    প্ৰাথমিকযত্নহস্পিতেল (পিএইচচি/চিএইচচি)৩৪৮বিধ
    দ্বিতীয়  যত্নহস্পিতেল(জিলাহস্পিতেল/আদৰ্শহস্পিতেল/উপসংমণ্ডলিকঅসামৰিকহস্পিতেল)৫৭৭বিধ
    তৃতীয়  যত্নহস্পিতেল(মেডিকেল কেলজ)৭৩১বিধ
    উপকেন্দ্ৰ২৬বিধ

    ২) ঔষধৰ আহৰণ

    ঔষধৰ বৰ্গীয় আকাৰত প্ৰাথমিকভাৱে সংগ্ৰহৰ কাম পৰিচালনা কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু স্বাস্থ্য সেৱাৰ সঞ্চালকে। ঔষধৰ কাৰণে নিবিদা নিৰ্ভৰ কৰে প্ৰয়োজনীয় ঔষধ তালিকাৰ ওপৰত ভিত্তি কৰি ( ই ডি এল ) ৰাজ্য চৰকাৰৰ দ্বাৰা জাননী জাৰি কৰা বিভিন্ন শ্ৰেণীৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ কাৰণে। প্ৰয়োজনীয় ঔষধৰ বছৰেকীয়া দাবী লাভ কৰা হয় জিলাসমূহৰ পৰিকল্পিত প্ৰয়োজনৰ পৰা, সংগ্ৰীহিত অভিকৰণে যোগাযোগ কৰিব সকলোবোৰ জিলাৰ ঔষধ ভাণ্ডাৰ পৰিচালকৰ (ডি ডি এছ এম) লগত সংগ্ৰীহিত প্ৰক্ৰিয়া পূৰ্বে কৰা ভিত্তিত। ডি ডি এছ এমে আশা কৰা দাবীৰ তথ্য সংগ্ৰহ কৰে অতীতত খৰচ/ক্ৰয় কৰা তথ্যৰ ভিত্তিত যিটো ষ্টক লেজাৰে দেখুওৱা আৰু আশা কৰা ঔষধ লাভ কৰে সংসৰ্গীত স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা য`ত খণ্ড ফাৰ্মাছিষ্টটবোৰক নিযুক্তি দিয়া হৈছে প্ৰয়োজনীয় ঔষধ সংগ্ৰহ আৰু সংকলন কৰিবলৈ সংশ্লিষ্ট ডি ডি এছ এম প্ৰতিষ্ঠানৰ বাবে।

    অসম ৰাজ্যত এক বৈজ্ঞানিক ব্যৱস্থা ইলেকট্ৰনিক নিবিদা গ্ৰহণ কৰা হৈছে। দুই ধৰণৰ ব্যৱস্থা (কাৰিকৰী বিদ আৰু মূদ্ৰামূল বিদ``বি ও কিউ``) সাধাৰণতে গ্ৰহণ কৰা হয় বিভিন্ন কাৰিকৰী আৰু ব্যৱসায়ীক পৰিসীমাৰ মূল্যায়নৰ কাৰণে। ``মুক্ত নিবিদা জাননী এন আই চি ৱেবচাইটতো (www.অসমtendeটকা.gov.in) কৰা হয় আৰু থলুৱা বা কম পক্ষেও এখন ৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশ কৰিব লাগে।

    বিদবোৰৰ মূল্যাংকণ কৰা হয় বিদ নথিত বিশেষ ভাৱে দেখুৱা সময়-চৰ্ত আৰু ব্যৱস্থা অনুযায়ী। যদি কিবা কাৰণত দুটা বিদ ব্যৱস্থাত কাৰিকৰী (মূল্য-ৰহিত) বিদৰ কাৰিকৰী-ব্যৱসায়ীক বিশ্লেষণ কৰা হয় প্ৰথম আৰু মূল্য বিদবোৰ মাত্ৰ কাৰিকৰী-ব্যৱসায়ীক অৰ্হতা সম্পন্ন বিদাৰৰ বাবে খোলা থাকে।

    মূল্য বিদবোৰ মূল্যাংকণ কৰা হয় অৱনমন দামৰ ওপৰত ভিত্তি কৰি কৰ আৰু শুল্ক, পেকিং আৰু পঠোৱা খৰচ, পৰিবহণ আৰু লেন-দেন বীমা মাচুল আৰু আন যিকোনো হঠাতে অহা মাচুল বা খৰচৰ বাবে।

    কাৰিকৰী আৰু ব্যৱসায়ীক বিদবোৰৰ সন্তোষজনক মূল্যাংকনৰ পাছত সংগ্ৰহৰ কাৰণে এটা প্ৰস্তাৱ প্ৰস্তুত কৰা হয় নিৰ্দেশ মঞ্জুৰ কৰাৰ বাবে আটাইতকৈ নিম্ন কাৰিকৰী গ্ৰহণীয় দামত নিলাম কৰাৰ বাবে। আদেশৰ মূল্যমান ৫০.০০ লাখলৈ, অনুমোদন কৰ্তৃপক্ষ হ`ল অভিযান সঞ্চালক। মূল্যমান ৫০.০০ লাখৰ বাহিৰত হ`লে অনুমোদন লাভ কৰিব পৰা হয়, কাৰ্য্যবাহী সমিতিৰ সভাপতিৰ পৰা, ৰাজ্যিক স্বাস্থ্য সমিতি আৰু প্ৰশাসনিক গোটৰ সহ-সভাপতি, এন এইচ এম, অসম আৰু স্বাস্থ্য মন্ত্ৰী আৰু এফ ডব্লিউ বিভাগৰ।

    সম্প্ৰতি কাৰিকৰী বিশেষজ্ঞ এন এইচ এম/ডি এম ই/ ডি এইচ ডি ৰ ই-নিবিদা পদ্ধতিৰ বিষয়া অসম চৰকাৰৰ এ এম এছ চি ৰ সৈতে সংলগ্ন কৰা হয় সকলো ধৰণৰ প্ৰয়োজনীয় সংগ্ৰহৰ কাৰ্য্যনিৰ্বাহ কৰিবলৈ আৰু শৃংখলাবদ্ধ আৰু বৈজ্ঞানিক যোগান শৃংখল গ্ৰহণ কৰা হৈছে চি ডি এ চিৰ নতুন ঔষধ ছফট্‌ৱেৰৰ সহায়ত।

    সেৱা আৰু দ্ৰব্যৰ যোগান খৰচ আবদ্ধ কৰা হয় বিশেষ বিত্তীয় বচৰৰ আৰ ও পিৰ অনুমোদনত সম্পৰ্কীত এফ এম আৰৰৰ অধীনত।

    ৩) পণ্যাগাৰ আৰু বিতৰণ

    ৰাজ্যিক পৰ্য্যায়ত চুড়ান্ত কৰা বিতৰণ আঁচনি অনুসৰি বিভিন্ন জিলাৰ ঔষধ ভাণ্ডাৰত বিতৰকে সাধাৰণতে প্ৰত্যক্ষভাৱে দি যায়হি দাবী কৰা ঔষধবোৰ। বস্তুবোৰ গ্ৰহণ কৰা হয়, পৰিদৰ্শন কৰা হয় আৰু জিলা ঔষধ ভাণ্ডাৰত ঔষধ জমা কৰা হয় যি হিছাবে ভেন্দৰক ধন পৰিশোধ কৰিছে তাৰ ভিত্তিত। জিলা ঔষধ ভাণ্ডাৰ পৰিচালকে (ডি ডি এচ এম) পৰিচালন কৰিব পৰৱৰ্তী বিতৰণৰ কাৰণে সংসৰ্গীত স্বাস্থ্য প্ৰতিষ্ঠান বোৰলৈ খণ্ড ফাৰ্মাছিষ্ট বোৰৰ চাহিদাৰ ভিত্তিত সেৱাৰ ব্যৱহাৰৰ দ্বাৰা। পণ্যাগাৰৰ পৰা জিলাসমূহলৈ ঔষধ পঠোৱাৰ কাৰণে পৰ্য্যাপ্ত পুঁজি মুকলি কৰি দিব লাগে বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান যেনে জিলা হস্পিতেল, চি এইচ চি বোৰ, পি এইচ চি সমূহ আৰু উপ কেন্দ্ৰবোৰলৈ। ডি ডি এছ এম বোৰ দায়ী থাকে সময়ত ষ্টক পূৰ্ণ কৰা আৰু তালিকা পৰিচালনাৰ বাবে।

    সম্প্ৰতি ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত ৩ জন ডি ডি এছ এম নিযুক্ত কৰা হৈছে, যেতিয়া ২৭ খন জিলাত ২৭ জন ডি ডি এছ এমক নিযুক্ত কৰা হয় যিবোৰ ফাৰ্মাছী স্নাতক (বি. ফাৰ্মা) আৰু ১৪৯ ব্লকত ১৪৯ জনক নিযুক্তি দিয়া হৈছে যিবোৰ ডি ফাৰ্মা।

    পাঁচটা আঞ্চলিক পণ্যাগাৰ ৰাজ্যত আছে খোলা ষ্টিলৰ ৰেক আৰু খোটালি আছে জমা ৰাখিবলৈ, যন্ত্ৰচালিত খুঁটি আৰু বিছনা সদৃশ ট্ৰলি আছে বস্তুবোৰ ইফাল সিফাল কৰিৱলৈ। এঢলীয়া পথ নিৰ্মাণ কৰা হৈছে বস্তু-সামগ্ৰী গ্ৰহণ কৰাৰ সুবিধাৰ কাৰণে আৰু বাহিৰলৈ চালান দিবৰ বাবে। বস্তু-সামগ্ৰীবোৰ পৰিপাটিকৈ ৰখাৰ বাবে ৰেক আছে সুকান পৰিৱেশত। ঔষধ আৰু আন ব্যৱহাৰ্য্য বস্তুৰ কাৰণে `প্ৰথমে ম্যাদ উকলি যোৱা` ``প্ৰথম বাহিৰ কৰা`` পদ্ধতি অনুশৰণ কৰা হয়। লেনা-ডেনা (গ্ৰহণ আৰু উলিয়াই দিয়া)ৰ তথ্য ষ্টক লেজাৰত কম্পিউটাৰ ফৰমেটত ৰখা হয় জিলা পণ্যাগাৰবোৰত।

    ভাড়াত লোৱা পণ্যাগাৰবোৰৰ আন আন জিলাত বহল মুক্ত ঠাই থকাটো বাধ্যতামূলক আৰু সাধাৰণতে অ পৰ্য্যাপ্ত ঔষধ আৰু ফাৰ্মাছীৰ বস্তু সঠিকভাৱে সংৰক্ষণ কৰাৰ কাৰণে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ, এন এইচ এম অসমে প্ৰায় সম্পূৰ্ণ কৰি আনিছে ২০ টা নতুন পণ্যাগাৰ সঠিক ঠাইযুক্ত যিবোৰ গধুৰ ৰেক আৰু সা-সুবিধাৰে পৰিপূৰ্ণ।

    ৪) ঔষধ নিৰীক্ষণ পদ্ধতি

    অলপতে চি ডি এ চি য়ে ৰাজ্যৰ জিলা ঔষধ ভাণ্ডাৰ, সম্পৰ্কীত হস্পিতেলৰ মুঠ ঔষধ যোগান শংখলটো পৰিচালনা কৰিবলৈ এম ও এ স্বাক্ষৰ কৰে।

    এন এইচ এম অসমে নিজাকৈ ঔষধ নিৰীক্ষণ ব্যৱস্থাৰ উন্নতি ঘটাইছে প্ৰয়োজনীয় ঔষধ পৰিচালনৰ কাৰণে। জিলা ঔষধ ভাণ্ডাৰৰ পৰিচালকে প্ৰতি সপ্তাহত তন্ন তন্নকৈ নিৰীক্ষণ কৰে ঔষধৰ ভাণ্ডাৰ, সম্পৰ্কীত স্বাস্থ্য প্ৰতিষ্ঠান আৰু একেটা হিচাপক আপলোড ব্যৱস্থাৰে গতি দিয়ে যিটো জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত নিৰীক্ষণ কৰা হয়।

    আনলাইনত ঔধধ ভাণ্ডাৰ নিৰীক্ষণ ব্যৱস্থা সীমিত উদ্দেশ্যত সেৱা আগবঢ়োৱা হয় বিভিন্ন ঔষধত বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত আৰু যেতিয়া প্ৰয়োজনীয় ষ্টকত নতুনকৈ ঔষধ ভৰোৱা কাৰ্য্যত আগভাগ লোৱাৰ কাৰণে। ষ্টকত নতুনকৈ ঔষধ ভৰোৱা কাৰ্য্যটো ৰাজ্যিক পৰ্য্যায়ত কৰা হয় নতুন অনুপ্ৰেৰণাৰ জৰিয়তে নতুবা ষ্টক বিচ্যুতিৰ দ্বাৰা অতিৰিক্ত ঔষধ মজুত থকা অঞ্চলৰ পৰা কম বা ঘাটি পৰা ঠাইলৈ। প্ৰয়োজনীয় দৰবৰ পৰ্য্যাপত্তাৰ মান বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত জনতাৰ অধীনত চাহিদাৰ ভিত্তিত আৰু মূল্যায়ন কৰিব পাৰি যোগসূত্ৰ যোগানৰ দ্বাৰা এন এইচ এম অসমৰ কাৰ্য্যালয় ৱেবচাইটত।

    ৫) মানযুক্ত নিশ্চয়তা

    এন এইচ এম অসমে অনুসৰণ কৰা নিয়ন্ত্ৰিত আৰু গুণগত নিশ্চয়তাৰ গাঁথনি ঔষধ যোগান সম্পৰ্কত। এনেকুৱা আন্তঃগাঁথনিৰ কিছুমান প্ৰয়োজনীয় উপকৰণ আন্তৰ্ভূক্ত কৰা হৈছে উপনামেৰে আৰু তলত দিয়া ধৰণে:

    উত্তম অনুশীলন

    • নীলামে অধিকাৰ কৰে বৈধ ঔষধৰ পাৰ-পত্ৰ, সংশ্লিষ্টা ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ দ্বাৰা উৎপাদনৰ অনুমতি পত্ৰ বা অনুমতিপত্ৰ প্ৰদান কৰ্তৃপক্ষৰ পৰা।
    • প্ৰস্তুতৰ সুবিধা ডব্লিউ এইচ ও, জি এম পি বা চি ও পি পি ৰ নিৰ্দেশ অনুযায়ী লাভ কৰা হয়।
    • উপাদকৰ তিনিবছৰীয়া বজাৰ স্থিতিৰ ওপৰত ভিত্তি কৰি উৎপাদনৰ প্ৰস্তাৱ যোগানৰ কাৰণে কৰা হ`ব লাগে।
    • উৎপাদকৰ বচৰেকীয়া গড় উৎপাদন লেনা-দেনা যোৱা তিনিটা বছৰত ২০.০০ কোটিৰ মুঠেই কম হ`ব নোৱাৰে।
    • যোগানবোৰৰ চাম অনুযায়ী এন এ বি এলৰ প্ৰমাণপত্ৰ দিয়া পৰীক্ষাগাৰে পৰীক্ষা বিশ্লেষণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু এন এ বি এল ৰ প্ৰমাণ পত্ৰ কপি সেই বিশেষ চামৰ বাবে অধিস্বীকৃত হ`বলৈ জমা কৰিব লাগিব পৰৱৰ্তী পৰীক্ষা কৰা হ`ব, যদি প্ৰয়োজন বিবেচনা কৰা হয় চৰকাৰী ঔষধ পৰীক্ষা কৰা পৰীক্ষাগাৰত নতুবা তেনে কোনো এন এ বি এলে প্ৰত্যায়িত কৰা সুবিধাজনক প্ৰতিষ্ঠানত।
    • ৰাজ্যৰ ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ঔষধ পৰিদৰ্শক নিযুক্ত কৰিছে যিজনে নিয়মিতভাৱে যোগান ধৰা ঔষধৰ নমুনালৈ গোপনে প্ৰেৰণ কৰিব লাগে এন এ বি এলৰ তালিকাভূক্ত চৰকাৰী বা বেচৰকাৰী পৰীক্ষাগাৰ প্ৰতিষ্ঠানলৈ পৰীক্ষা বিশ্লেষণৰ কাৰণে আৰু কেতিয়াবা প্ৰয়োজন হ`লে ৰাজ্যৰ বাহিৰলৈও।
    Downloads
    বিনামূলীয়া ঔষধ সেৱা
    TitleSizeDetail
    চিলাই বা জোৰা দিয়া বস্তু61.33 KBswf-image