মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

স্নেহাস্পৰ্শ

  • আঁচনিৰ বিষয়ে:

    স্নেহাস্পৰ্শৰ সাহিত্যিক অৰ্থ হ`ল `প্ৰেমৰ স্পৰ্শ` এক ব্যতিক্ৰমি আৰু একক স্বাস্থ্য যতন উদ্যোগ ১২ বছৰৰ অধীনৰ শিশুৰ বাবে যিটো অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা শুভাৰম্ভ কৰা হয়। আঁচনি খন এন এইচ এম, অসমৰ দ্বাৰা কাৰ্য্যকৰী কৰা হয়, ২০১২-১৩ বিত্তীয় বৰ্ষত ৫ কোটি টকা ধাৰ্য্য কৰি অসমীয়া নতুন বছৰৰ প্ৰথম দিন ১৫ এপ্ৰিল ২০১৩ত পতাকা উত্তোলন কৰা হয়।

    স্নেহ স্পৰ্শই জন স্বাস্থ্য উদ্যোগৰ কাৰণে কঠোৰ সংগ্ৰাম কৰি আছে উচ্চ হাৰত খৰচেৰে থেলাচেমীয়া অস্থিমজ্বাৰ সংৰোপণ, যকৃত আৰু বৃক্কৰ সংৰোপণ আৰু জোৰাৰ ঘিলা বদ্ধমূল কৰাৰ বিশেষ চিকিৎসাৰ কাৰণে

    যোগ্যতা:

    যিবোৰ পৰিয়ালৰ বছৰেকীয়া আয় ২৫০ লাখতকৈ কম তোওঁলোকে এই আঁচনিৰ অধীনত সুযোগ লাভৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পি এল পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হয়।

    হিতাধিকাৰী বা অভিভাৱকে আয়ৰ প্ৰামণমত্ৰ দাখিল কৰিব লাগে আৰ্হতাসম্পন্ন কৰ্তৃপক্ষৰ ওচৰত, যেনে উপসঞ্চালক, উপ সংমণ্ডলৰ কেন্দ্ৰ বিষয়া, মণ্ডল বিষয়া, খণ্ড উন্নয়ন বিষয়া বা চৰকাৰৰ দ্বাৰা বিত্তীয় সাহাৰ্য্যৰ কাৰণে সময়ে সময়ে যোগ্য বুলি জাননী জাৰী কৰা কৰ্তৃপক্ষ।

    স্নেহ স্পৰ্শ আঁচনিৰ অধীনত ভৰ্তি হোৱা ৰোগীৰ চিকিৎসাৰ ঠাই:

    আঁচনিৰ অধীনত চিকিৎসাৰ কাৰণে ভৰ্তি হোৱা নিয়ম মেডিকেল কলেজ হস্পিতেলত কৰা হ`ব পাৰে আৰু ৰাজ্যৰ ভিতৰত আন হস্পিতেলতো হ`ব পাৰে, যিয়েই নহওক কিছুমান বেমাৰৰ চিকিৎসাৰ কাৰণে ৰাজ্যৰ বাহিৰৰ স্বাস্থ্য প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন হ`ব পাৰে। স্নেহ স্পৰ্শ সমিতিয়ে পৰামৰ্শ দিব, কেছৰ যোগ্যতাৰ অধীন, ৰাজ্যৰ বাহিৰত সেই কেছৰ বিশেষ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা বা মেডিকেলৰ খৰচ ঘুৰাই পোৱাৰ বিবেচনাৰে যেতিয়া মেডিকেল হস্পিতেল আৰু আন হস্পিতেলৰ চিকিৎসাধীন হৈ থাকে। প্ৰেৰণ কৰাৰ উদ্দেশ্যে, সমিতিখনে পৰামৰ্শ দিব ৰাজ্যৰ বাহিৰৰ পৰিকল্পিত হস্পিতেললৈ যোৱাৰ বাবে। দুয়োধৰণৰ চিৰিৎসা শ্ৰেণীৰ কাৰণে বিত্তীয় সাহাৰ্য্য স্নেহ স্পৰ্শ আঁচনিৰ অধীনত আগবঢ়োৱা হ`ব।

    অনুমতিপূৰ্ণ নিদেৰ্শৱলী আৰু সৰ্বোচ্চ ধনৰাশি গ্ৰাহ্য প্ৰকাশিত হাৰবোৰ দেখুৱাই দিয়া হয় আৰু প্ৰকৃত গ্ৰাহ্য ধনৰাশি স্থিৰ কৰা হয় স্বচ্ছ পদ্ধতিৰে:

    1. অস্থি-মজ্জা সংৰোপণ: লিউকেমিয়া (ৰক্ত কৰ্কট) হোৱা শিশুবোৰ আৰু আন অৱস্থা যেনে থেলাচেমিয়া য`ত অস্থি-মজ্জা সংৰোপণকো এক ধৰণৰ চিকিৎসা বুলি ধৰা হয়। স্নেহ স্পৰ্শ আঁচনিয়ে ৰাজ্যৰ আগশাৰীৰ হস্পিতেললৈ প্ৰেৰণ কৰা কেছৰ বাবে ১০ লাখ টকা পৰ্য্যন্ত বিত্তীয় সাহাৰ্য্য আগবঢ়ায় বিশেষ সুবিধা থকা এনেকুৱা চিকিৎসাৰ কাৰণে।
    2. কোচলাৰ সংযোগ: কোচলাৰ সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ বাবে বি পি এল হিতাধিকাৰীৰ ক্ষেত্ৰত সৰ্ব্বোচ্চ ৫.৩৫ লাখ টকা আৰু এ পি এল হিতাধিকাৰীৰ ক্ষেত্ৰত সৰ্ব্বোচ্চ ৩.০০ লাখ টকা সাহাৰ্য্য আগবঢ়োৱা হয় যদি ৰাজ্যৰ বাহিৰৰ হস্পিতেললৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন হয়।
    3. যকৃত সংৰোপণ: যকৃত সংৰোপণ কৰিব লগা শিশুবোৰক আঁচনিয়ে বিত্তীয় সাহাৰ্য্য আগবঢ়াইচে সৰ্ব্বোচ্চ ১৬.০০ লাখ টকালৈ বি পি এল হিতাধিকাৰীলৈ আৰু ১০.০০ লাখলৈ এ পি এল হিতাধিকাৰীলৈ। ৰাজ্যৰ বাহিৰৰ হস্পিতেললৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা কৰা হয় যিবোৰত তেনেকুৱা চিকিৎসাৰ সা-সুবিধা আছে।
    4. বৃক্ক সংৰোপণ: যিবোৰ শিশুৰ বৃক্কৰ চিকিৎসাৰ প্ৰয়োজন বি পি এল হিতাধিকাৰী হ`লে সৰ্ব্বোচ্চ ৩.০০ লাখ আৰু এ পি এল হিতাধিকাৰীৰ কাৰণে ২.০০ লাখ টকাৰ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হয় যদি আন ৰাজ্যলৈ এনে কেছ প্ৰেৰণ কৰাৰ প্ৰয়োজন বোধ কৰা হয়।
    5. হাত-ভৰিৰ কৃত্ৰিম অংগ: হাত বা ভৰিৰ কৃত্ৰিম অংগ লগোৱাৰ প্ৰয়োজন হোৱা শিশুবোৰক প্ৰসাধন অংগৰ বাবে ১.০০ লাখ আৰু যান্ত্ৰিক কৃত্ৰিম হাত-ভৰি লগাবলৈ সৰ্ব্বোচ্চ ২.৫০ লাখ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হয়।
    6. ৰক্ত কৰ্কট: কেমোথোৰাপিৰে সৈতে ৰক্ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ১.০০ লাখ টকা পৰ্য্যন্ত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
    7. চকু অস্ত্ৰোপচাৰৰ বিশেষ চিকিৎসা: যিবিলাক শিশুক চকু অস্ত্ৰোপচাৰৰ বাবে বিশেষ চকিৎসা যেনে অক্ষিপট অস্ত্ৰোপচাৰ বা নিতম্ব খণ্ড কাৰ্য্যপ্ৰণালী আদিৰ বাবে ১৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
    8. টিউমাৰ: যিবিলাক শিশুৰ বিভিন্ন ধৰণৰ কঠিন টিউমাৰত খৰচী পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হয় আৰু কেমোথেৰাপি আৰু ৰেডিঅথেৰাপি সৈতে চিকিৎসাৰ কৰা হয় তেওঁলোকক ২৫ হাজাৰ টকা আৰ্থিক সাহাৰ্য্য দিয়া হয় আৰু কোনোবা শিশুক কৰ্কট সম্পৰ্কীয় অস্ত্ৰোপচাৰৰ প্ৰয়োজন হলে তেওঁলোকক ৫০ হাজাৰ টকা সাহাৰ্য্য দিয়া হয়।
    9. স্নায়ৱিক বিসংগতি: স্নায়ৱিক বিসংগতি লৈ যিবোৰ শিশু জন্ম লাভ কৰে যেনে হাইড্ৰচেফোলাচ আৰু স্পিনা বিফিদা, তেনে শিশুক ৫০ হাজাৰ টকা চিকিৎসা সাহাৰ্য্য দিয়া হয় পৰীক্ষা, অস্ত্ৰোপচাৰ আৰু পুনৰ সংস্থাপনৰ কাৰণে।
    10. থেলাচেমিয়া: যিবোৰ শিশু থেলাচেমিয়াত ভোগে তেওঁলোকক ১.০০ লাখ টকা সাহাৰ্য্য দিয়া হয়, যিবোৰ অস্থি-মজ্জা সংৰোপণৰ কাৰণে যোগ্য নহয় কিন্তু বিশেষধৰণৰ চিকিৎসাৰ প্ৰয়োজন হয় যেনে ৰক্ত সঞ্চাৰণ, প্লীহা স্থানান্তৰ আৰু অনুসাৰ্গীক দৰবৰ বাবে।

    এইবোৰৰ বাহিৰেও, প্ৰথম পাঁচটা অৱস্থাত ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা আৰু বাকীবোৰ পদ্ধতিগত কাৰ্য্যপ্ৰণালীৰ কাৰণে ৰাজ্যৰ ভিতৰতে মেডিকেল কলেজ হস্পিতেল আৰু আন হস্পিতেল আছে।

    Downloads
    স্নেহাস্পৰ্শ
    TitleSizeDetail
    ৰাজ্যপাল অসমৰ দ্বাৰা আদেশ1.61 MBswf-image
    স্নেহা স্পৰ্শৰ কাৰণে আবেদন পত্ৰ38.5 KBswf-image