মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

ৰাষ্ট্ৰীয় কৃমি প্ৰতিৰোধ দিৱস (এন ডি ডি)

  • অবলোকন:

    মাটিৰ দ্বাৰা বিয়পি পৰা কৃমি (এছ টি এইচ) অসমৰ জন সম্পৰ্কত গুৰুত্বপূৰ্ণ বিষয়। ১ৰ পৰা ১৮ বছৰৰ শিশুৰ ৬৮% পৰজীৱি অন্ত্ৰ কৃমিৰ দ্বাৰা আক্ৰান্ত হয়। ৰোগ নিয়ন্ত্ৰণ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সমীক্ষা অনুসৰি (২০১৬) অসমত এছ টি এইচ ৰ ব্যপকতা ৫০%। সাক্ষ্য প্ৰমাণ তথ্যই দেখুৱাই এছ টি এইচৰ ক্ষতিকাৰক প্ৰভাৱ পৰে শাৰীৰিক বৃদ্ধিত, ৰক্তহীনতা, পুষ্টিহীনতা আৰু বোধশক্তি বিকাশত, ইয়াৰ লগে লগে স্কুলৰ উপস্থিতিত। সময়ে সময়ে এছ টি এইচৰ সংক্ৰমণৰ প্ৰবাহ কম কৰিব পাৰি কৃমি প্ৰতিৰোধৰ দ্বাৰা। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা (মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়), খোৱাপানী আৰু স্বাস্থ্য বিধি আৰু পঞ্চায়তি ৰাজৰ মন্ত্ৰণালয়ৰ সহযোগত সিদ্ধান্ত লোৱা হয় বছৰেকীয়া লোক কৃমি প্ৰতিৰোধ দিন, ৰাষ্ট্ৰীয় কৃমি মুক্ত দিৱস( এন ডি ডি) হিছাবে পালন কৰিবলৈ লোৱা হৈছে। ২০১৫ চনৰ পৰা গণ কৃমি মুক্তি দিৱস অসমৰ ২৭ খন জিলাতে পালন কৰা হয় এটা নিৰ্দিষ্ট দিনত, ৰণ কৌশল হ`ল এছ টি এইচ দ্বাৰা কৰা ক্ষতিৰ পৰিমাণ হ্ৰাস কৰা নিযুত সংখ্যক ল`ৰা-ছোৱালীৰ মাজত ফলদায়ক, সৰল আৰু নিৰাপদ ধৰণে।

    উদ্দেশ্য:

    এন ডি ডিৰ উদ্দেশ্য হ`ল স্কুল-পূৰ্ব আৰু স্কুললৈ যোৱা বয়সৰ শিশুৰ মাজত ১ৰ পৰা ১৯ বছৰলৈ কৃমিমুক্ত কৰা বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে সামগ্ৰীকভাৱে তেওঁলোকৰ স্বাস্থ্য, পুষ্টিকৰ স্থিতি, শিক্ষাত প্ৰৱেশ আৰু মানদণ্ড যুক্ত জীৱনলৈ উন্নতি ঘটোৱা বাবে।