মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

অধিস্বীকৃত সামাজিক স্বাস্থ্য কাৰ্য্যকাৰক (এ এছ এইচ এ)

  • পৃষ্ঠভূমি:

    ``স্বাস্থ্যৰ দৃষ্টিভংগীৰ পৰা ৰাইজৰ দ্বাৰা সৃষ্টি হোৱা দাবীৰ পৰ্য্যায় সবলিকৰণ কৰা আৰু আশা (এ এছ এইচ এ) কৰ্মীৰ ওপৰত নিৰ্ভৰশীল পৰিস্কাৰ-পৰিচ্চন্নতা, যি গৰাকী ঐচ্চিক ভাৱে কাম কৰা কৰ্মী ৰাইজৰ দ্বাৰা বাছনি কৰা``।

    সম্প্ৰতি আসম ৰাজ্যৰ গৌৰৱ কৰাৰ এটা সুযোগ আছে ৩০৬১৯ গৰাকী বৃহৎ আৰু উৎসৰ্গীকৃত আশা কৰ্মীৰ কৰ্মশক্তি যিবিলাকে ৰাইজৰ সেৱা আগবঢ়াই যিকোনো স্বাস্থ্য মনোযোগ ৰাইজে বিচৰা ধৰণে। এওঁলোকে স্বাস্থ্য সেৱাৰ যোগান ধৰোঁতা আৰু ৰাইজৰ মাজত এখন সাঁকোৰ কাম কৰে। ৰাইজ সকলেও আশা কৰ্মীক প্ৰথম আৰু বিশ্বাসযোগ্য যোগাযোগ বন্দৰ বুলি বিবেচনা কৰে যেতিয়া স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উদ্ভৱ হয়। আশকৰ্মীবোৰ প্ৰধানত গৰ্ভৱতী মহিলাক প্ৰসৱ কৰোৱাৰ সুযোগ-সুবিধা প্ৰদানত জড়িত আৰম্ভণিৰ পৰাই। তেওঁলোকক আনা হয় গৰ্ভৱতী মহিলাক জন্মপূৰ্বৰ সময়ত সম্পূৰ্ণ যত্ন নিশ্চিতি কৰাৰ কাৰণে, তেওঁলোকেও জড়িত হৈ পৰে শিশুৰ প্ৰতিৰোধ ক্ষমতা পদ্ধতি সম্পূৰ্ণ কৰা বিষয়ত, তেওঁলোকৰ আৰু প্ৰৱল ইচ্ছা থাকে পৰিয়াল পৰিকল্পনা সেৱা সুবিধা প্ৰদান কৰা ইত্যাদি।

    আধাৰ সংৰচনা:

    নৈতিক আৰু কৌশলগত দুয়োধৰণে আশা কৰ্মীৰ সহায় থকাৰ বাহিৰেও ৰাজ্যৰ নিৰ্ধাৰিত কৰ্ম শক্তি হ`ব ২৮৭৭ আশা নিৰীক্ষক। প্ৰতি গৰাকী আশা নিৰীক্ষকৰ ১০-১২ জনীয়া আশা কৰ্মীৰ সহায়ক দল এটা থাকে আৰু সহায়ক নিৰীক্ষণৰ কাম কৰে নিৰ্ধাৰিত লক্ষ্য পুৰণ কৰিবলৈ।

    বি পি এইচ চি পৰ্য্যায়ত ৰাজহুৱা খণ্ডৰ কৰ্ম-কৰ্তা যিসকলে আশা নিৰীক্ষকবোৰক সহায় কৰা অৱস্থাত থাকে। খণ্ড ৰাজহুৱা কৰ্ম-কৰ্তাবোৰৰ বৰ্তমান শক্তিৰ সংখ্যা ১৪৯ জন বি পি এইচ চি ৰ সংখ্যা ১৪৯ খনৰ বিপৰীতে।

    জিলা পৰ্য্যায়ত জিলা কৰ্ম-কৰ্তা সম্প্ৰদায়ক নিযুক্ত কৰা হয় যিবোৰ বি চি এম, এ এছ এইচ এ নিৰীক্ষক আৰু আশা পৰিচালনাৰ বাবে দায়ী হৈ থাকে। ডি চি এম ৰ ৰাজ্যিক শক্তি ২৭ জন যিকেইজনক ২৭ খন জিলাত সংস্থাপিত কৰা হৈছে।

    ৰাজ্যিক পৰ্য্যায়ত ৰাজহুৱা প্ৰক্ৰিয়াকৰণ কোষ আছে গ`লৰ দ্বাৰা অনুমোদিত কাৰ্য্যবোৰৰ কাৰ্য্যকৰীকৰণৰ বাবে যি দায়ী থাকে। প্ৰতিটো কাম আৰু একেটাকে চলাই নিয়াৰ বাবে নীতি নিৰ্ধাৰণ, কৌশল তৈয়াৰ কৰা কথাও জড়িত হৈ থাকে। প্ৰতিটো কোষৰ একোজনকৈ আশা কাৰ্য্যসূচী পৰিচালক এজন, ৰাজ্য সামূহিক কৰ্ম-কৰ্তা, এজন তথ্য পৰিচালক আৰু এজন পৰামৰ্শদাতা (ৰাজহুৱা ব্যৱস্থাত) থাকে আৰ আৰ চি_এন আৰৰ সমৰ্থনপ্ৰাপ্ত।

    প্ৰশিক্ষণ:

    আশাৰ সামৰ্থ-শক্তি সবলিকৰণ কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে ১ ৰ পৰা ৫ মডিউলৰ অধীনত ২৩ দিনৰ কাৰণে, মডিউল ৬ আৰু ৭এ ১ৰ পৰা ৪ লৈ সামৰি লৈ ২০ দিনৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। নৱনিযুক্ত আশা সকল ৮ দিনৰ কাৰণে প্ৰবেশ প্ৰশিক্ষণ লৱ লাগে ২০ দিনৰ ভিতৰত মডিউল ৬ আৰু ৭ৰ মাধ্যমত ১ম আৰু ৪ৰ্থ পৰ্য্যায়ত। প্ৰশিক্ষণৰ বিষয়বস্তুৰ মাধ্যমেৰে আশাৰ আত্মবিশ্বাসৰ স্তৰ বৃদ্ধি কৰা যেতিয়া তেওঁলোকে লাভ কৰে বিষয়া বিশেষৰ জ্ঞান আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যা বিভিন্ন ধৰণে সমাধান কৰিবলৈ বিভিন্ন কৌশল আয়ত্ব কৰে।

    আশাৰ প্ৰেৰণামূলক বানচৰ ধৰণ আৰু পৰিশোধ তন্ত্ৰ :

    আশাকৰ্মীবোৰ যিহেতু অবৈতনিক কৰ্মী, তেওঁলোকক অধিকাৰ দিয়া হয় বিভিন্ন উদগনি তেওঁৰ দ্বাৰা বিশেষ কামত সিদ্ধি লাভ কৰাৰ বিপৰীতে। সম্প্ৰতি ৫৫ বিধ কাম তেওঁলোকৰ বাবে নিৰ্ধাৰিত কৰা হৈছে যাৰ কাৰণে তেওঁলোক উদগনি দাবীৰ যোগ্য সম্পূৰ্ণ কৰা কামৰ বাবে। তাৰোপৰি ৮টা কামৰ বিপৰীতে প্ৰেৰণামূলক বানচ ১০০০ টকা দাবী কৰাৰ ব্যৱস্থা আছে। ৰাজ্য চৰকাৰে আশাৰ হাতপুথিৰ উন্নতি ঘটাইছে হাতেৰে কৰা কামৰ নাম উল্লেখ কৰি আৰু ৫৫ টা কামৰ প্ৰতিটোৰ পৰিমাণৰ অধিকাৰ আৰু প্ৰতি গৰাকী আশা কৰ্মীয়ে হাতপুথিখন চাব তেওঁলোকে বুজিপোৱাৰ কাৰণে। ৰাজ্য চৰকাৰে আশা অনলাইন পৰিশোধৰ চফটৱেৰ ব্যৱস্থাৰ উন্নতি ঘটাইছে যিটোৰ জৰিয়তে সকলোবোৰ উদগনিমূলক ধন পৰিশোধ কৰা হয় পি এফ এম এছৰ দ্বাৰা। আশা কৰ্মীৰ উদগনি দাবীৰ কাৰণে তেওংলোকে `মাষ্টাৰ ক্লেইম` প্ৰপত্ৰ ব্যৱহাৰ কৰিব পাৰে য`ত ৫৫ বিধ আশা কৰ্মীৰ প্ৰেৰণামূলক ধন পৰিশোধৰ কথাৰ উল্লেখ আছে।