মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

ৰাষ্ট্ৰীয় এম্বুলেঞ্চ সেৱা-“১০২”

  • পাতনি:

    প্ৰসূতিৰ বাবে জৰুৰী চিকিৎসা, সদ্যজাত শিশুৰ জটিল ৰোগ, আৰু আন জটিল জৰুৰী কেছ, এটা স্বাস্থ্য সেৱাৰ পৰা আন এটালৈ উন্নত চিকিৎসাৰ কাৰণে মেডিকেল বিষয়াৰ দ্বাৰা প্ৰেৰণ কৰা কেছৰ পৰিবহনত পলম হ`লে মৃত্যু পৰ্য্যন্ত হ`ব পাৰে। উল্লেখিত ৰোগীৰ পৰিবহনত হোৱা পলম কমাবৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল ১০২ মেডিকেল অম্বুলেঞ্চ সেৱা আঁচনি শুভাৰম্ভ কৰিবলৈ।

    এইটোৱে সুবিধা কৰি দিয়ে এটা সু-সংহত আৰু সৰ্বাত্মক স্বাস্থ্য যত্ন পৰিচালনা ব্যৱস্থা এখন ৰাজ্যত উচ্চ মানৰ এম্বুলেঞ্চ পৰিবহণ এখন চিকিৎসালয়ৰ যথাযোগ্য যত্ন লোৱাৰ কাৰণে। গুণগত ৰোগী পৰিবহণ যত্ন আটাইতকৈ কম সাম্ভাব্য সময়ৰ ভিতৰত যোগান ধৰাৰ বাবে আৰু গুণগত প্ৰসূতি ৰোগী পৰিবহণ যত্নত সেৱাৰ শৃংখলৰ লগতে যথাৰ্থ পৰিচালন ব্যৱস্থাৰ বাবে অসম চৰকাৰে শুভাৰম্ভ কৰিছিল ``১০২`` ৰাষ্ট্ৰীয় এম্বুলেঞ্চ সেৱা।

    প্ৰধান বৈশিষ্ট সমূহ:

    • সকলো নাগৰিকৰ বাবে সেৱা পৰ্য্যাপ্ত কৰা।
    • সেৱা পৰ্য্যাপ্ত-প্ৰাপ্ত হ`ব ২৪x৭
    • পৰিবহণ একেবাৰে বিনামূলীয়া
    • সকলো এম্বুলেঞ্চত সংযোগ হৈ থাকিব জীৱন সুৰক্ষাৰ প্ৰাথমিক ধৰণৰ সকলো যন্ত্ৰ-পাতি (বি এল এছ)।
    • মেডিকেল যত্নৰ কাৰণে সকলো এম্বুলেঞ্চতে জৰুৰী মেডিকেল যন্ত্ৰ কুশলী লোক থাকিব।
    • ৰোগীবোৰ নিম্ন স্বাস্থ্য সুবিধা কেন্দ্ৰৰ পৰা কঢ়িয়াৱ পৰা যাব ওচৰৰ উচ্চ স্বাস্থ্য কেন্দ্ৰবোৰলৈ উন্নত চিকিৎসাৰ কাৰণে।
    • এই সুবিধা পৰ্য্যাপ্ত থাকিব গৰ্ভৱতী মহিলাক ঘৰৰ পৰা হস্পিতেললৈ পৰিবহন কৰাৰ কাৰণে, উচ্চ সা-সুবিধা থকা হস্পিতেললৈ আৰু মুকলি কৰি দিয়াৰ পিছত ঘৰলৈ ওভটাই আনাৰ সময়ত।
    • এই সুবিধা পোৱা যাব বেমাৰী সদ্যোজাত কেঁচুৱা আৰু শিশুক ঘৰৰ পৰা চিকিৎসালয়লৈ নিয়াৰ বাবে, চিকিৎসালয়ৰ পৰা উচ্চ স্বাস্থ্য সুবিধা থকা প্ৰতিষ্ঠানলৈ আৰু মুকলি কৰি দিয়াৰ পাছত ঘৰলৈ যোৱাত।
    • এই সেৱাৰ সুযোগ গ্ৰহণ কৰাৰ কাৰণে স্বাস্থ্য সুবিধাৰ পৰা কৰ্তৃত্বপূৰ্ণ বিষয়াই প্ৰেৰণ কৰা কেছৰ বাবে `১০২`ত কল কৰিব লাগে।
    • সকলো অনুৰোধ আবেদনৰ সহিতে থাকিব লাগে চিকিৎসালয়ৰ পৰা প্ৰেৰণ কৰা এখন চিঠি বা প্ৰেৰণ পত্ৰ।
    • সেৱা গ্ৰহণ কৰিবলৈ সকলো নাগৰিকে `১০২`ত ফোন কৰিব লাগে।