মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

স্বাস্থ্যৰ কাৰণে সামুদায়িক কাৰ্য্যব্যৱস্থা

  • ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ মুখ্য ৰণকৌশল হ`লস্বাস্থ্যৰ কাৰণে সামুদায়িক কাৰ্য্যব্যৱস্থা যিটোৱে জনগণক গোটেই ব্যৱস্থাটোৰ কেন্দ্ৰত অৱস্থান কৰাইছে তেওঁলোকৰ স্বাস্থ্য প্ৰয়োজন আৰু অধিকাৰবোৰ পুৰণৰ নিশ্চয়তা প্ৰদানেৰে। নিয়মিত হস্তক্ষেপেৰে এম এইচ এমৰ প্ৰক্ৰিয়াক নিৰীক্ষণৰ অনুমতি তেওঁলোকক প্ৰদান কৰা হৈছে তেওঁলোকৰ এলেকাত সক্ৰিয় জনগণৰ অংশগ্ৰহনেৰে আৰু স্বাস্থ্য সেৱাসমূহক শক্তিশালী কৰিবলৈ বৰঙণি যোগান ধৰি।

    প্ৰক্ৰিয়াত জড়িত থাকে:

    (ক) গাওঁ অঞ্চলৰ স্বাস্থ্য, পৰিস্কাৰ-পৰিচ্চন্নতা আৰু পুষ্টি সমিতিবোৰ (ভি এইচ এছ এন চি)গ্ৰাম্য পৰ্য্যায়ত গঠন আৰু শক্তিশালী কৰা, পৰিকল্পনা আৰু নিৰীক্ষণ সমিতিবোৰ পি এইচ চি, খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত।

    (খ)এন এইচ এমৰ অধিকাৰ, ভূমিকা আৰু সেৱা যোগান ধৰোঁতাৰ দায়িত্বৰ ওপৰত জনসাধাৰণৰ সজাগতা সৃষ্টি কৰা।

    (গ) ভি এইচ এছ এন চি আৰু পি এম চি সদস্যবোৰৰ প্ৰশিক্ষণ।

    (ঘ) স্বাস্থ্যসেৱাসমূহ নিৰীক্ষণ কৰিবলৈ সামূহিক পৰ্য্যায়ত অনুসন্ধান।

    (ঙ) জন সংবাদ পক্ষ সমৰ্থনৰ কাৰণে জন সংবাদ(জন সংলাপ)সংগঠিত কৰা মূল খুঁটিটো ধৰি ৰাখি শূণ্যতা পোহৰলৈ আনা আৰু সমাধন সূত্ৰ বিচৰা।

    (চ) জন সংবাদ আৰু সামূহিক পৰ্য্যায়ৰ অনুসন্ধানৰ পৰা উদ্ভৱ হোৱা প্ৰশ্ন উত্থাপন কৰিবলৈ পৰিকল্পনা আৰু কাৰ্য্যক্ৰম অনুসৰণ কৰা

    চলিত পৰ্য্যায় :

    ২০০৭-২০০৯ চনৰ ভিতৰত পাইলটৰ কাৰ্য্যকৰীৰ কাৰণে নিৰ্বাচিত ৯খন ৰাজ্যৰ ভিতৰত অসমো এখন আছিল। ৰাজহুৱা নিৰীক্ষণ কাৰ্য্যসূচী কাৰ্য্যকৰী কৰা হৈছিল তিনিখন জিলা ধেমাজি, চিৰাং আৰু কামৰূপক সামৰি ৯টা মহকুমাত।

    পৰৱৰ্তী চলিত পৰ্য্যায় :

    ২০১২-১৩ত কাৰ্য্যসূচী পাঁচখন জিলা-ধেমাজি, চিৰাং, কামৰূপ,যোৰহাট আৰু কাছাৰলৈ বৃদ্ধি কৰি ৫,৬৭৮ ভি এইচ এছ এন চিক সামৰি ২,২৭১ খন গাঁৱলৈ আৰু ৩৪ বি পি এইচ চি লৈ বিস্তৃত কৰা হয়।

    চি এ এইচৰ যোৱা এফ ৱাই পৰ্য্যায়:

    স্বাস্থ্যৰ কাৰণে সম্প্ৰদায়ৰ কাৰ্য্যক্ৰম ( চি এ এইচ) কাৰ্য্যকৰী কৰা হয় সকলো ব্লককে সামৰি মুঠ ১৮খন জিলাত আৰু প্ৰতি ব্লকৰ পৰা ৪০ খন নিৰ্বাচিত ভি এইচ এছ এন চিত। ৪২০০ ভি এইচ এছ এন চিয়ে ১০৫ খন বি পি এইচ চি আবৰি লৈছে ১৮ খন জিলাত। এই ১৮ খন জিলা ৪টা য`ন বা মণ্ডলত সংঘবদ্ধ হৈছে। চি এ এইচ ৰ সাম্প্ৰতিক পৰ্য্যায় কাৰ্য্যকৰী কৰা হয় ৰাজ্যৰ ন`ডেল এন জি ও আৰু মাণ্ডলিক এন জি ওৰ সহায়ত।

    চি এ এইচৰ অধীনত উন্নতি :

    ভি এইচ এছ এন চিৰ সদস্য শক্তিৰ সভা অনুষ্ঠিত হৈ গ`ল ৫-৬ৰ পৰা ১৫ লৈ আৰু তেওঁলোকৰ অংশগ্ৰহণ সন্তোষজনকভাৱে বৃদ্ধি হৈছে।

    ভি এইচ এছ এন চিৰ সভা সকলোবোৰ জিলাতে হৈ যোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে আৰু উৎসাহজনকভাৱে উল্লেখ কৰা হয় যে মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ প্ৰশ্নই সকলোৰে মনোযোগত অগ্ৰাধিকাৰ লাভ কৰা আৰম্ভ কৰিছে।

    আই ই চিৰ কাম-কাজ বৃদ্ধি পাইছে আৰু সদস্যসকলক পৰিচয়পত্ৰৰ যোগান ধৰা হৈছে যিটোৱে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰি তোলে।

    সংহত পুঁজিৰ স্থিতি তথ্যসহকাৰে প্ৰতিপাদন কৰা হৈছে আৰু ব্লক আৰু জিলা পৰ্য্যায়ত অংশগ্ৰহণ বিচৰা হৈছে।

    মাতৃগণৰ পৰিচয়পত্ৰ আৰু মুখমণ্ডলৰ পাৰ্শ্বচিত্ৰ চাহ বাগানত সম্পূৰ্ণ কৰা হৈছে।

    শ্ৰমিক কল্যাণ বিষয়াৰ সপক্ষে মত লোৱা হৈছে।

    ভি এইচ এছ এন চিৰ সদস্যসকলক সংবেদশীল কৰি তোলা হৈছে ভি এইচ এন ডিত তেওঁ লোকৰ অংশ গ্ৰহণৰ প্ৰতি।

    ভি এইচ এছ এন চিৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হৈছে।

    আৰ ডি আৰু পি আৰ বিভাগ/এছ আই আৰ ডিৰ সতে লগ লাগি প্ৰচেষ্টা চলোৱা হয় জি পি ডি পিৰ স্বাস্থ্য কৰ্মসূচী সংহত কৰিবলৈ।

    ভি এইচ এছ এন চি আৰু আৰ কে এছৰ কাৰ্য্যক্ৰমৰ স্থিতিৰ ওপৰত বুনিয়াদ প্ৰস্তুত কৰিবলৈ এটা উদ্যোগ:

    বুনিয়াদি জৰীপৰ কাৰণে মূল্য বস্তুনিষ্ঠ লক্ষ্যবোৰ আছিল এনেধৰণৰ:

    জটিল ফাঁকবোৰ চিনাক্ত কৰা যিটো কাৰ্য্যসূচীৰ কাৰ্য্যকৰীকৰণ সময়ত সম্বোধন কৰা জৰুৰী।

    চিহ্নিত অৱকাশৰ ওপৰত ভিত্তি কৰি হস্তক্ষেপৰ পৰিকল্পনাসমূহ প্ৰস্তুত কৰা।

    বৰ্ধিত নিয়মিত ব্যৱধানৰ ওপৰত চকু ৰখা।

    এ জি চি এ সচিবৰ দ্বাৰা ৫ খন পৰীক্ষা তালিকা আৰু সমৰ্থিত নিদেৰ্শাৱলীবোৰৰ উন্নতি ঘটোৱা হৈছে।

    ৰাজ্যৰ সামাজিক কৰ্মত(চি এ এইচ) প্ৰেক্ষাপটত কোনো ধৰণৰ বুনিয়াদ গ্ৰহণ কৰা হোৱা নাই। মোবাইল এপ চি এছ প্ৰো ব্যৱহাৰ কৰা হয় তথ্য সংগ্ৰহ সহজ কৰাৰ বাবে আৰু প্ৰদান কৰা হয় প্ৰতিবেদন প্ৰস্তুত কৰা কাৰণে। বিশ্লেষণত পোৱা খিনি এতিয়া ব্যৱহাৰ কৰিব পাৰি ভি এইচ এছ এন চিক সহায়ৰ যোগান ধৰিবলৈ এক বিশেষ পথেৰে। তথ্য খিনিয়ে এলেকাটো পৰিস্কাৰকৈ দেখুৱাব য`ত ভি এইচ এছ এন চিক প্ৰয়োজন হয় আগতীয়া সহায় তেওঁলোকৰ কাৰ্য্য সম্পাদন কৰাৰ কাৰণে। উয়াৰ উপৰিও এইটোৱে ভি এইচ এছ এন চিৰ বাকীবোৰ কামো চলাই নিব পাৰে।

    শ্ৰেষ্ঠ অনুশীলন

    • মাতৃগণৰ সংক্ষিপ্ত জীৱন বৃত্ত।
    • ভি এইচ এছ এন চিৰ পৰিচয় পত্ৰ।
    • ভি এইচ এছ এন চিৰ সভাৰ নীতি-নিৰ্দেশাৱলী।