মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

চাহ বাগানৰ এম এম ইউ

  • ৮০ খন চাহ বাগিছাৰ জনসংখ্যাৰ কাৰণে সৰ্বাত্মক বুনিয়াদি স্বাস্থ্যযত্ন আঁচনিৰ চলমান মেডিকেল গোট (এম এম ইউ)ৰ প্ৰচেষ্টা

    • দেশৰ ভিতৰত মুঠ চাহ উৎপাদনৰ ৫৫% চাহ উৎপাদন কৰি অসমে আটাইতকৈ বেচি চাহ উৎপাদনকাৰী ৰাজ্য হিচাবে পৰিগণিত হৈছে। অসমৰ মুঠ জনসংখ্যাৰ ২০% চাহ জনগোষ্ঠীৰ অন্তৰ্ভূক্ত লোক। তেওঁলোক অসমৰ আটাইতকৈ পিচপৰা শ্ৰেণী।
    • যদিও, চাহগছ ৰোপণ শ্ৰমিক আইন ১৯৫১ অনুসৰি আৰু অসম বৃক্ষৰোপণ আইন নীতি, ১৯৫৬ মতে চাহ বাগিছাৰ স্বাস্থ্য যত্ন সেৱাৰ দায়িত্ব চাহ বাগিছা পৰিচালনা সমিতিৰ। কিন্তু বাস্তৱত চাহ খণ্ডৰ জনসংখ্যাৰ সৰহ সংখ্যকে উপযুক্ত স্বাস্থ্য যত্নৰ পৰা বঞ্চিত হয়। বহুতো অধ্যয়নে প্ৰকাশ কৰিছে যে অসমে বহুত বেছি মাতৃ মৃত্যু হাৰৰ (এম এম আৰ) সন্মুখীন হ`ব লগা হৈছে আৰু অধিক চাহ বাগান জনসংখ্যাযুক্ত জিলা সমূহত এম এম আৰ বহুত বেছি (প্ৰতি লাখত ৪০৪ সংখ্যাক জীবিত জন্ম)।
    • সৰ্বাত্মক স্বাস্থ্য সেৱা যত্নৰ লগতে পৰীক্ষাৰ সা-সুবিধাৰ যোগান ধৰাৰ উদ্দেশ্যে এন এইচ এম অসমে ভাৰত চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰিছে চাহ বাগিছা এলেকাৰ প্ৰকাশ্য স্বাস্থ্য যত্ন সেৱাৰ বাবে ৮০ খন উৎসৰ্গীত ভ্ৰাম্যমান মেডিকেল গোটৰ বন্দোৱস্ত কৰা হৈছে। আঁচনিখনে বাহিৰা উৎস আদৰ্শ কাৰ্যকৰী কৰাৰ কাৰণে বিবেচনা কৰিছে, ভাৰত চৰকাৰৰ নিৰ্ধাৰিত মান অনুযায়ী, এম/এছ হিন্দুস্তান লেটেক্স পৰিয়াল পৰিকল্পনা উন্নয়ন ট্ৰাষ্টৰ জৰিয়তে (এইচ এল এফ পি পি টি) যিটোক বাছনি কৰা হয় মুক্ত নিবিদা পদ্ধতিৰ জৰিয়তে।
    • প্ৰতিটো এম এম ইউ গঠিত হয় ২ (দুই) খন গাড়ীৰে। প্ৰথম খনত ও পি ডি পৰীক্ষাগাৰৰ সা-সুবিধা, আই ই চি সা-মগ্ৰী আৰু দ্বিতায়খন ব্যৱহাৰ কৰা হয় এম এম ইউৰ দলটো পৰিবহন কৰাৰ বাবে।
    • প্ৰতিটো এম এম ইউত থাকে এজন মেডিকেল বিষয়া, এজন এ এন এম, এজন ফাৰ্মাছিষ্ট, পৰীক্ষাগাৰৰ কাৰিকৰ, এজন নেত্ৰ বিশেষজ্ঞ, দুজন চালক আৰু এজন হেণ্ডিমেন।
    • প্ৰথম পৰ্য্যায়ত, ৩২০ খন চাহ বাগিছা বাছনি কৰা হৈছিল আঁচনিখন কাৰ্য্যকৰী কৰাৰ বাবে ৮০ খন এম এম ইউৰ জৰিয়তে য`ত প্ৰতিখন এম এম ইউয়ে প্ৰতি মাহত ৪ (চাৰি)খনকৈ বাগিছা সামৰি ল`ব পাৰে।
    • পৰৱৰ্তি পৰ্য্যায়ত এই আঁচনিৰ অধীনত আৰু বেছি চাহ বাগিছা সামৰি ল`ব পৰা হ`ব। একেলগে থকা ৪-৫ খন চাহ বাগিছাৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এটা গোট গঠন কৰা হয় আৰু প্ৰতিটো থুপ বা গোটৰ মাজত এখন এম এম ইউক নিযুক্ত কৰা হৈছে।
    • এম এম ইউৰ উদ্দেশ্য হ`ল সৰ্বাত্মক প্ৰাথমিক স্বাস্থ্যযত্নৰ যোগান ধৰা যি মানসিক স্বাস্থ্য, শিশু স্বাস্থ্য, কিশোৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰে গঠিত। সংক্ৰমিত ৰোগ যেনে, মেলেৰীয়া, জে ই, টি বি, যক্ষ্মা ইত্যাদি আৰু অসংক্ৰমিত ৰোগবোৰ যেনে, উচ্চৰক্তচাপ, মধুমেহ আৰু অন্ধত্ব নিয়ন্ত্ৰণ আদিও সামৰি লোৱা হ`ব।
    • ঔষধ আৰু আন ব্যৱহাৰ্য্য সামগ্ৰীৰ যোগান ধৰা হয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা আৰু বিনামূলীয়া ঔষধ নীতিত।
    • উচ্চ চিকিৎসাৰ বাবে ৰোগীক যদি প্ৰেৰণ কৰাৰ প্ৰয়োজন হয়, এম এম ইউ য়ে ১০৮/১০২ৰ লগত সহযোগ কৰি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে আৰু প্ৰয়োজনীয় যোগাযোগ কৰি দিয়ে উন্নত স্বাস্থ্য সুবিধালৈ যেনেকুৱা প্ৰথম প্ৰেৰিত গোট (এফ আৰ ইউ), জিলা হস্পিতেল আৰু মেডিকল কলেজলৈ।
    • চাহ বাগিছাৰ পৰা জিলা হস্পিতেল আৰু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা ৰোগীক উন্নত চিকিৎসাৰ বাবে উৎসৰ্গীকৃত সাহাৰ্য্য ডেস্ক গঠন কৰা হয়।
     

    চাহ বাগিছাৰ এম এম ইউই নিম্নোক্ত সুবিধা সমূহ সহজে লাভ কৰে চাহ বাগিছাৰ জনসাধাৰণৰ কাৰণে:

    • এম এম ইউ বোৰ হ`ল চকাৰ ওপৰত ঘূৰা চিকিৎসালয়; ইয়ে বাগিছাৰ জনতাৰ স্বাস্থ্য সেৱা পৰ্য্যাপ্ত কৰে তেওঁলোকৰ দুৱাৰ মুখতে।
    • জটিল আৰু ঢুকি নোপোৱা এলেকাবোৰ যিবিলাকত স্বাস্থ্য শিক্ষা প্ৰাপ্ত নহয় সোইবোৰক সামৰি লয় এম এম ইউ য়ে।
    • চাহ বাগিছাত এম এম আৰৰ হাৰ বহুত বেছি। এম এম আৰ হ্ৰাস কৰিবলৈ এ এন চিৰ বৰ প্ৰয়োজন। এম এম ইউই গুণগত এ এন চি নিশ্চিতি কৰিব সকলোবোৰ গৰ্ভৱতী মহিলাৰ কাৰণে।
    • এম এম ইউই পূৰ্বে চিনাক্তকৰণ কৰিব অতি বিপদজনক গৰ্ভধাৰণ আৰু প্ৰেৰণ যোগ্যতা।
    • অসংক্ৰমন বেমাৰ (এন চি ডি) বাগিছাৰ লোকৰ মাজত বহুত বেছি, এম এম ইউই নিশ্চিতি কৰিব পূৰ্ব পৰীক্ষা আৰু ইয়াৰ চিকিৎসা।
    • বাগিছাৰ লোকৰ বাবে এম এম ইউই পৰিয়াল পৰিকল্পনা সেৱা পৰ্য্যাপ্ত কৰিব দুৱাৰ মুখত যিয়ে পূৰ্ণ কৰিব পাৰিব অপূৰ্ণ হৈ থকা প্ৰয়োজনবোৰক।
    • কিশোৰ ৰক্তহীনতা এটা সাধাৰণ কথা চাহ বাগিছাৰ জনসংখ্যাৰ মাজত, পুষ্টি পৰামৰ্শ আৰু আই এফ এ পৰিপুৰকতাই বেমাৰৰ বোজা হ্ৰাস কৰিব।
    • এম এম ইউই জ্যেষ্ঠ নাগৰিক বাৰ্ধক্যজনিত ৰোগৰ যত্ন সেৱাৰ যোগান ধৰে তেওঁলোকৰ পদুলি মুখত।