মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ পৰীক্ষা সেৱা কাৰ্য্যসূচী

  • পটভূমি :

    চিকিৎসাৰ বিষয়ে ফলদায়ক সিদ্ধান্ত ল`বলৈ মেডিকেলৰ চিকিৎসকৰ কাৰণে উন্নতমানৰ স্বাস্থ্য পৰীক্ষা অতিগুৰুত্বপূৰ্ণ। পৰ্য্যাপ্ত গুণগত মানৰ ৰঞ্জণ ৰশ্মি সেৱা স্বাস্থ্য ব্যৱস্থাৰ কাৰণে এক প্ৰত্যাহ্বান। জেপৰ পইচা খৰচ নোহোৱাকৈ ৰোগীৰ স্বাস্থ্য পৰীক্ষণ বৃদ্ধি পাব ধৰিছে আৰু দৰবৰ পাছতে এনেকুৱা খৰচ দ্বিতীয় মুখ্য খণ্ড হিচাবে ধৰা হয়।

    উপৰোক্ত বিষয় মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ ওপৰত পূৰ্বালোকন কৰি কোৱা হয় যে স্বাস্থ্য প্ৰতিষ্ঠানবোৰত নুন্যতম স্বাস্থ্য পৰীক্ষাৰ পৰ্য্যাপ্ততা নিশ্চিতি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ অধীনত চি টি স্কেন, এক্স-ৰে আৰু পৰীক্ষাগাৰৰ সেৱা আদি বিনামূলীয়কৈ সেৱাৰ যোগান ধৰা হ`ব এ পি এল/বি পি এৰ মান নিৰ্বিশেষে।

    কাৰ্য্যসূচীৰ ওপৰত ৰেখাপাত :

    চি টি স্কেন সেৱা:

    ২৮ খন জিলা চিকিৎসালয়ত ২৮ টা চি টি স্কেন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ`ব। ইয়াৰে ১৭ টা কেন্দ্ৰ ইতিমধ্যে সম্পন্ন কৰা হৈছে আৰু কাৰ্য্যকৰী কৰা হৈছে। ৫ টা কেন্দ্ৰৰ প্ৰতিস্থাপনৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু অতি শীঘ্ৰেই আৰম্ভ কৰা হ`ব। বাকি সাতটা কেন্দ্ৰৰ প্ৰতিস্থাপন সম্পন্ন হ`ব আৰু অতি শীঘ্ৰেই কাম আৰম্ভ কৰিব।

    অৰ্হতাসম্পন্ন ৰঞ্জন ৰশ্মি বিশেষজ্ঞৰ দ্বাৰা তেজস্ক্ৰিয় ৰশ্মিৰ সহায়ত প্ৰস্তুত কৰা স্কেন প্ৰতিবিম্ব লাভ কৰিব অৰ্হতাসম্পন্ন ৰঞ্জন ৰশ্মি বিশেষজ্ঞৰ প্ৰতিবেদনত। সাধাৰণ ৰোগীক প্ৰতিবেদন দিয়া হ`ব ৬ ঘণ্টা আৰু জৰুৰী অৱস্থাত ২ ঘণ্টাৰ ভিতৰতে প্ৰদান কৰা হ`ব। চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানে প্ৰেৰণ কৰা সকলো ৰোগীকে চি টি স্কেন সেৱা বিনামূলীয়াকৈ যোগান ধৰা হ`ব।

    সকলো চি টি মেচিন ১৬ স্লাইচ আৰু জি ইৰ দ্বাৰা নিৰ্মিত। সকলোবোৰ চি টি স্কেন যন্ত্ৰ যি সংস্থাপিত কৰা হৈছে সকলোবোৰ ভাৰতত তৈয়াৰ কৰা আৰু মাননীয় প্ৰধান মন্ত্ৰীয়ে শুভাৰম্ভ কৰা আৰু সৰ্বপ্ৰথম বাৰৰ বাবে ইমান বৃহৎ আকাৰত চৰকাৰী খণ্ডত প্ৰতিষ্ঠা কৰা হয়।

    চি টি স্কেন পৰিসেৱাসমূহ ৰূপায়ন কৰা হৈছে এই সেৱাপ্ৰদান কাৰী প্ৰতিষ্ঠান এম/এছ স্পন্দন ডায়`গনেষ্টিক প্ৰাঃ লিঃ, মাধ্যমেৰে।

    এক্স-ৰে সেৱা:

    চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত প্ৰাপ্ত সকলো এক্স-ৰে যন্ত্ৰ (পি এইচ চি/চি এইচ চি/ডি এইচ)ত সংযোগ কৰা হৈছে তেজস্ক্ৰিয় ৰঞ্জণ ৰশ্মিৰ জৰিয়তে। এক্স-ৰে প্ৰতিবিম্ব ধৰি ৰখা হয় ৰঞ্জণ ৰশ্মি বিশেষজ্ঞৰ দ্বাৰা আৰু কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় তেজস্ক্ৰিয় ৰশ্মিৰ জৰিয়তে। কেন্দ্ৰত থকা ৰঞ্জণ ৰশ্মি বিশেষই প্ৰতিবিম্ব বিশ্লেষণ কৰিব আৰু বৈদ্যুতিক মাধ্যমত প্ৰতিবেদন লিখিব। সেই প্ৰতিবেদন সংশ্লিষ্ট প্ৰতিষ্ঠানলৈ ওভতাই প্ৰেৰণ কৰা হয় আৰু ৰোগীয়ে ডিজিটেল এক্স-ৰে প্ৰতিবিম্ব লাভ কৰিব ৰেডিঅ`ল`জিষ্টৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিবেদনৰ লগত। চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ (পি এইচ চি/চি এইচ চি/ডি এইচ)ত সকলো ৰোগীক বিনামূলীয়া এক্স-ৰে সেৱাৰ যোগান ধৰা হয়।

    মুঠ ৯৯ খন স্বাস্থ্য প্ৰতিষ্ঠান বাছনি কৰা হয় তেজস্ক্ৰিয় ৰশ্মিৰ দ্বাৰা সংযোগ কৰিবলৈ। ৭২ খন কেন্দ্ৰই বৰ্তমান কাম কৰি আছে আৰু বাকীবোৰেও অনতিপলমে কাম আৰম্ভ কৰিব।

    এ পি এল/বি পি এল মান নিৰ্বিশেষে সকলো নাগৰিকে লাভৱান হ`ব।
    স্বাস্থ্য প্ৰতিষ্ঠানলৈ গৈ সকলো নাগৰিকে এক্স-ৰে সুবিধা সমূহ গ্ৰহণ কৰিব পাৰে।

    এক্স-ৰে পৰিসেৱাসমূহ ৰূপায়ন কৰা হৈছে এই সেৱাপ্ৰদান কাৰী প্ৰতিষ্ঠান এম/এছ কৃষ্ঞা ডায়`গনেষ্টিক প্ৰাঃ লিঃ, মাধ্যমেৰে।

    পৰীক্ষাগাৰৰ সেৱা :

    পি এইচ চি/চি এইচ চি/ডি এইচ বোৰত পৰীক্ষাগাৰ সেৱা জিলা কেন্দ্ৰৰ জৰিয়তে হাব আৰু স্পোক মডেলৰ আৰ্হিত বিনামূলীয়াকৈ লাভ কৰিব। জিলা পৰীক্ষাগাৰ ২৮ খন জিলা হস্পিতেলত স্থাপন কৰা হ`ব। এই পৰীক্ষাগাৰবোৰ কল-কৌশল-প্ৰযুক্তি আৰু সা-সঁজুলিৰে সজ্জিত কৰা হ`ব। সকলোবোৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা নমুনা সংগ্ৰহ কৰা হ`ব আৰু জিলা পৰীক্ষগাৰলৈ প্ৰেৰণ কৰা হ`ব। কেন্দ্ৰীয় পৰীক্ষাগাৰত নমুনা বিশ্লোষণ কৰা হ`ব আৰু তাৰ প্ৰতিবেদন (বৈদ্যুতিন মাধ্যম একেধৰণে হাৰ্ড কপিৰে) সংশ্লিষ্ট স্বাস্থ্য প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হ`ব আৰু পিচদিনা ৰোগীয়ে সেই প্ৰতিবেদন লাভ কৰিব পাৰিব।

    সাধাৰণ ৰোগীৰ প্ৰতিবেদন ২৪ ঘণ্টাৰ ভিতৰত আৰু জৰিুৰী কেছ হ`লে ৩ ঘণ্টাৰ ভিতৰতে লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য সেৱাৰ অধীনত সৰ্বমুঠ ৫৬ বিধ পৰীক্ষা সামৰি লোৱা হৈছে।

    ১৪ টা স্থানত স্থাপন সম্পন্ন হৈছে আৰু এই সমূহ শীঘ্ৰেই আৰম্ভ হ`ব। অন্যান্য ১৪ টাৰ অতি শীঘ্ৰেই স্থাপন সম্পন্ন হ`ব আৰু আৰম্ভ কৰা হ`ব।

    বিনামূলীয়া লেব সেৱা সমূহ ৰূপায়ন কৰা হ`ব এম/এছ এইচ এল এল লাইফকেয়াৰ লিঃ, মাধ্যমেৰে।

    ড্যাশবোৰ্ড :

    চি টি স্কেন: ইয়াত ক্লিক কৰক

    এস্ক-ৰে সেৱা: ইয়াত ক্লিক কৰক

    বিনামূলীয়া পৰীক্ষগাৰ সেৱা:ইয়াত ক্লিক কৰক

    Downloads
    মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ পৰীক্ষা সেৱা কাৰ্য্যসূচী
    TitleSizeDetail
    মূখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় সংক্ৰান্তীয় সেৱাৰ বিষয়ে এছ ও পি ( পৰীক্ষাগাৰ সেৱা)289.93 KBswf-image
    মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ কাৰণে এছ ও পি (চি টি স্কেন সেৱা)63.82 KBswf-image
    মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ কাৰণে এছ ও পি (এস্ক-ৰে সেৱা)50.94 KBswf-image