মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

মৃত্যুঞ্জয় - '১০৮' এম্বুলেঞ্চ সেৱা

  • পৰিৱৰ্তিত জীৱন ধাৰণ ব্যৱস্থাত বহুমুখী সেৱাসমূহ সু-সংহত ৰূপত খৰটকীয়া আৰু সৰ্বাত্মকভাৱে আপাৎকালীন সঁহাৰিৰ দৰকাৰ। তদুপৰি বৰ্ধিত হাৰত হোৱা পথ দুৰ্ঘটনা, জন্মৰ হাৰ বৃদ্ধি সম্পৰ্কীয় জৰিৰীকালীন ব্যৱস্থা, বোমা বিস্ফোৰণ আৰু আন দুৰ্যোগবোৰে দাবী কৰে এটা কেন্দ্ৰীকৰণ জৰুৰীকালীন পৰিচালন ব্যৱস্থা-পদ্ধতিৰ। যদিও প্ৰেৰিত পৰিবহন ব্যৱস্থা স্বাস্থ্য সুবিধাত পৰ্য্যাপ্ত কিন্তু তেওঁলোকৰ সেৱাই সদায় ঠিকনা নাপায় সকলোবোৰ মেডিকেল জৰুৰী অৱস্থাত আৰু গাঁৱলীয়ালোকৰ ক্ষেত্ৰত খুৱ কমেহে এই সুবিধা লাভ কৰা দেখা যায়। সৰ্বাত্মক জৰুৰীকালীন ব্যৱস্থাৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰৱেশ কৰিছে এটা এম ও ইউ ই এম আৰ আইৰ লগত, হাইদৰাবাদ, ২০০৮ চনৰ ৮ জুলাইত। `১০৮` মৃত্যুঞ্জয় আপাৎকালীন সঁহাৰি সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটীত, ২০০৮ চনৰ ৬ নৱেম্বৰত। অংশীদাৰিত্বৰ উদ্দেশ্যটো আছিল সাধাৰণ জনতাৰ প্ৰৱেশত উন্নতি আনি মেডিকেল, আৰক্ষী আৰু অগ্নিনিৰ্বাপনৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা। ২৭ খন জিলা সামৰি লৈছিল সৰ্বমুঠ ৩৮০ খন এম্বুলেঞ্চে। এই সেৱাই ৫খন নৌকা এম্বুলেঞ্চত আপাৎকালীন দৰব-পাটি আৰু সা-সঁজুলিৰে সজ্জিত কৰি ৰাখিছিল মেডিকেল জৰুৰী সময়ত সঁহাৰি জনাবলৈ নদী অঞ্চলত আৰু একক অদ্বিতীয় প্ৰচেষ্টা সাৰ্থকতাৰে সঁহাৰিত উন্নতি ঘটাবলৈ ৰাজ্যৰ নদী আৰু বানপীড়িত এলাকাবোৰত।

    মৃত্যুঞ্জয় ১০৮ আপাৎকালীন সঁহাৰি সেৱা ২৪x৭ কাৰ্য্যকৰী উৎসৰ্গাকৃত দলৰ সদস্যৰে গঠিত। ডায়েল খৰচ নোহোৱা `১০৮` জৰুৰীকালীন নম্বৰ, জৰুৰী ফোনৰ কাৰণে জৰুৰী সঁহাৰি কেন্দ্ৰ (ই আৰ চি)আছে। তাৰ পৰা আহ্বান প্ৰক্ৰিয়াকৰণ হয় জৰুৰী আৰু আহ্বান কৰোতাৰ এলাকা আৰু এম্বুলেঞ্চ পঠোৱা হয় সেই ঠাইলৈ জৰুৰী ফোন কৰোতাৰ নিকট এলাকা অনুসন্ধান কৰি।

    প্ৰতিখন এম্বুলেঞ্চৰ নাম দিয়া হয় পাইলট এজনৰ নামেৰে আৰু এটা জৰুৰীকালীন মেডিকেল কাৰিকৰৰ নামানুসাৰে (ই এম টি) যিজন প্ৰশিক্ষিত পাৰা-মেডিক অৰ্হতাসম্পন্ন ব্যক্তি যিয়ে চিকিৎসালয়ৰ পূৰ্বৰ প্ৰাথমিক চিকিৎসাৰ যোগান ধৰিব পাৰে যিসময়ত এজন ৰোগীক হস্পিতেললৈ লৈ গৈ থকা হয়।

    ১০৮ সেৱা ২০০৮-০৯ ৰ পৰা ২০১৭-১৮ লৈ(১৭ এপ্ৰিললৈ)
    পৰিসীমাএফ ৱাই ২০০৮-০৯এফ ৱাই  ২০০৯-১০এফ ৱাই  ২০১০-১১এফ ৱাই  ২০১১-১২এফ ৱাই ২০১২-১৩এফ ৱাই ২০১৩-১৪এফ ৱাই ২০১৪-১৫এফ ৱাই ২০১৫-১৬এফ ৱাই ২০১৬-১৭এফ ৱাই ২০১৭-১৮ (১৭ এপ্ৰিললৈ)মুঠ
    মুঠ কল৯৫৯৯৫৩৩১৬৩৭৫৪২৫৫৩৪১০২৮৯৭৮৯৮৩২২১৮৩৮৩২৯৩১৩৭৩৫০৩২২৩৩৭৪১১৮৯২৮৮০৯৮৬২৪৯৯১৭২৬৪৬৫৩০৫
    জৰুৰী কল৮৮৫৩২৪৫৮৪৬৪৫৪৭৫৪৯৫৬৬৪৮৭৫৪৩৬৫৬৫৭৩৮৮৪৬৪১৮৭৬৫৬৬২০১৪৪০১২৬৩৪১২১৪৪৬০৮৯৬
    সুযোগ গ্ৰহণ কৰা মুঠ মেডিকেল জৰুৰী সেৱা৩৭৮৫৫২৭১৫৮৭৩২০৩৪৪৩৩৫২৮২২৯৬০৬৮৩৮২২৯৪৪৪২৫১১৪২১৬৬৯৩৩৫০১২২৬৩৭৮২৮৬৯০০০