মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

আৰ্থিক সাহাৰ্য্য লাভ/অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ৰোগৰ বিনামূলীয়া চিকিৎসা

বিনামূলীয়া চিকিৎসা:

১) জন্মগত হৃদৰোগৰ কাৰণে বিনামূলীয়া চিকিৎসা ( চি এইচ ডি) ১৪ বছৰৰ অধীন শিশুৰ কাৰণে প্ৰাপ্ত। তেনে শিশুৰ অভিভাৱক অসমৰ স্থায়ী বাসিন্দা হ`ব লাগিব আৰু বছৰেকীয়া আয় ৬.০০ লাখৰ বেছি হ`ব নালাগিব।

আঁচনি সম্পৰ্কীয় প্ৰয়োজনীয় তথ্যৰ কাৰণে ব্যক্তিজনে যোগাযোগ কৰিব পাৰে ডাঃ অভিজিত শৰ্মা, জি এম চি এইচৰ অতিৰিক্ত অধীক্ষক নতুবা জি এম চি এইচ, গুৱাহাটী হৃদৰোগৰ বিভাগৰ লগত।

কাৰ্য্যপ্ৰণালী:

ৰোগীয়ে তলত উল্লেখ কৰা নথি-পত্ৰ সহিতে ন`ডেল বিষয়াৰ ওচৰত আবেদন জনাব লাগিব:

  • অৰ্থ সাহাৰ্য্যৰ কাৰণে ন`ডেল বিষয়াৰ ওচৰত আবেদন দাখিল
  • অসমত বাস কৰা স্থায়ী বিসিন্দাৰ প্ৰমাণপত্ৰ
  • ঠিকনাৰ প্ৰমাণপত্ৰ
  • হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ কাৰণে মেডিকেল প্ৰমাণপত্ৰ লাভ যোগ্য আৰু অৰ্হতাসমপন্ন হৃদয়ন্ত্ৰৰ চাৰ্জনৰ দ্বাৰা
  • পৰীক্ষাগাৰৰ পৰীক্ষা খৰচ (ৰিপোৰ্ট, চিকিৎসকৰ পৰামৰ্শ, পেথ`লজি পৰীক্ষা ৰিপোৰ্ট, এক্সৰে ইত্যদি)ৰ ৰ`চিদ সহ বেমাৰ সম্পৰ্কীয় সকলোবোৰ প্ৰাসংগিক নথি ন`ডাল বিষয়াৰ ওচৰত উপস্থাপন কৰিব লাগিব কেছটো বিবেচনা কৰাৰ বাবে
  • হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সহ প্ৰেৰণ কৰা কেন্দ্ৰৰ নামৰ বাবে প্ৰেৰণ কৰা প্ৰমাণপত্ৰ
  • অভিভাকৰ নিযুক্তিৰ সবিশেষ
  • আয়ৰ প্ৰমাণ পত্ৰ
  • অস্ত্ৰোপচাৰৰ সম্ভাব্য তাৰিখ উল্লেখ কৰি ৰেফাৰেল হস্পিতেলৰ পৰা প্ৰেৰণ কৰা চিঠি
  • ৰোগীজনে নিজকে ৰাজ্যৰ ন`ডেল বিষয়াৰ সন্মুখত উপস্থিতি হোৱা উচিত বা এনেকুৱা ৰেহাইৰ কাৰণে তেওঁৰ দ্বাৰা শাৰীৰিক পৰীক্ষাৰ পৰা মুক্তি পাব পাৰে।
 

২) যোগ্য হিতাধিকাৰী পৰিয়ালৰ সদস্যই অটল অমৃত অভিযান আঁচনিৰ অধীনত ছয় বিধ বেমাৰৰ কাৰণে বিনামূলীয়া চিকিৎসা প্ৰাপ্ত হ`ব। চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰ বিলাক এই আঁচনিৰ বাবে যোগ্য নহয়। চাকৰিয়ালৰ কাৰণে আঁচনি আৰম্ভ কৰা হ`ব। আঁচনিখনে ৰোগীৰ চিকিৎসা সুবিধাৰ যোগান ধৰিব তালিকাভূক্ত অসমৰ ভিতৰত বা বাহিৰৰ (ব্যক্তিগত আৰু চৰকাৰী) হস্পিতেলত। প্ৰতিজন সদস্যৰ বাবে প্ৰতি বছৰত সৰ্ব্বোচ্চ ২.০০ লাখ টকা সীমা নিৰ্ধাৰণ কৰি তলত উল্লেখ কৰা বেমাৰবোৰৰ কাৰণে ৪৩৮ কাৰ্য্যপ্ৰণালীক সামৰি।:

  • হৃদযন্ত্ৰৰ ৰক্ত প্ৰবাহ নলীৰ বেমাৰ
  • কৰ্কট
  • বৃক্কৰ(কিডনি)বেমাৰ
  • জন্মৰ পাছত হোৱা কেঁচুৱাৰ মৃত্যু
  • স্নায়ৱিক অৱস্থাজনিত ৰোগ আৰু
  • পোৰা
 

এই আঁচনিখন বি পি এল আৰু এ পি এল পৰিয়ালৰ কাৰণে মুকলি ৰখা হৈছে যাৰ আয় বছৰী পাঁচ লাখ বা তাতকৈ কম। যোগ্য পৰিয়ালৰ প্ৰতিজন প্ৰাপ্তবয়স্ক সদস্য এই উদ্দেশ্যৰ কাৰণে তালিকাভুক্ত কৰা হ`ব আৰু লেমিনেশ্বন কৰা পৰিচয় পত্ৰ প্ৰদান কৰিব য`ত থাকিব এটা একক নম্বৰ নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ তালিকাভূক্ত হস্পিতেলত। এই আঁচনিখন বি পি এল পৰিয়ালৰ কাৰণে বিনামূলীয়া কৰা হ`ব আৰু মাত্ৰ ১০০ টকা সংগ্ৰহ কৰা হ`ব প্ৰতিজন এ পি এল পৰিয়ালৰ সদস্যৰ পৰা তালিকাভুক্তকৰণ মাচুল হিচাপে।

বিত্তীয় সাহাৰ্য্য:

অটল অমৃত অভিযানৰ অধিনত নগদবিহীন চিকিৎসাৰ লাভ ছয়বিধ মাৰাত্মক বেমাৰৰ অধীনত নিৰ্বাচিত কাৰ্য্যপ্ৰণালীৰ কাৰণে পৰ্য্যাপ্ত হ`ব তালিকাভূক্ত হস্পিতেলত। সি যি কি নহওক, অটল অমৃত অভিযানৰ অধীনত যোগ্য হিতাধিকাৰীৰ সদস্যভূক্তি ৰাজ্যৰ সকলো জিলাত সম্পূৰ্ণ হোৱা নাই, ক্ষতিপূৰণ বা অৰ্থ ওভতাই পোৱা ধৰণৰ অধীনত অৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ`ব হাতেলিখা আবেদনৰ যোগানৰ জৰিয়তে।

অটল অমৃত অভিযান (এ এ এ) আঁচনিৰ ব্যৱস্থাৰ অধীনত চিকিৎসাৰ খৰচ ঘূৰাই পোৱাৰ কাৰণে হাতে লিখা আৱেদনবোৰ ৰাজ্যিক পৰ্য্যায়ত সংগ্ৰহ কৰা হৈছিল আৰু চিকিৎসাৰ খৰচ ঘূৰাই দিয়াও হয় আঁচনিৰ নিৰ্দেশৱলীৰ অধীনত। মুঠ ৩২৪০ জন হিতাধীকাৰীয়ে এ এ এ ৰ অধীনত লাভ গ্ৰহণ কৰিবলৈ সক্ষম হয় এতিয়ালৈ। দ্বিতীয় পৰ্য্যায়ৰ টকা ওভতাই দিয়া কাম বৰ্তমান চলি আছে।

অসম আৰোগ্য নিধি (এ এ এন) আঁচনিৰ অধীনত চিকিৎসাৰ খৰচৰ টকা ওভতাই দিয়াৰ ব্যৱস্থাও কৰা হৈছে চিকিৎসাৰ কাৰণে আৰ্থিক সাহাৰ্য্য প্ৰদানত। `অসম আৰোগ্য নিধি` আঁচনিয়ে বি পি এল পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা আৰু যিবিলাক পৰিয়ালৰ মাহিলী আয় ১০,০০০ (দহ হাজাৰ)তকৈ কম তেওঁলোককো বিশেষ বেমাৰৰ চিকিৎসাৰ বাবে অৰ্থ সাহাৰ্য্য প্ৰদান কৰা হয়।

অসম আৰোগ্য নিধি আঁচনিৰ অধীনত যিবোৰ বেমাৰ সামৰি লোৱা হৈছে সেইবোৰ হ`ল-কৰ্কট, হৃদৰোগ, হৃদযন্ত্ৰ অস্ত্ৰোপচাৰ, বৃক্কৰ ৰোগ আৰু মুত্ৰাশয়ৰ ৰোগ, অস্থি চিকিৎসা, থেলাচেমিয়া, অস্থি-মজ্জা সংৰোপণ, এ আই ডি এছ আৰু পৌণঃপুনিক মানসিক বেমাৰ। কিছুমান পৰীক্ষা কৌশল যেনে আলট্ৰাচাউণ্ড, ড`পলাৰ সংযোগ, তেজস্ক্ৰিয় নিউক্লিটাইড স্কেন, চি টি স্কেন, বিভিন্ন অংগৰ এনজিঅ`গ্ৰাফি আৰু এম আৰ আই আৰু কিছুমান ঔষধ যেনে প্ৰতিৰোধ ঔষধ, টি বি প্ৰতিৰোধি ঔষধ, ডি প্ৰতিৰোধক, ৰক্ত আৰু ৰক্ত উৎপাদক/জ্বলা বা পোৰা ৰোগীৰ কাৰণে প্লাজমা, এইবিলাকো এই আঁচনিয়ে সামৰি লয়।

অসম আৰোগ্য নিধিৰ কাৰণে আবেদন পত্ৰ ৱেবচাইটত : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান. পৰ্য্যাপ্ত হয়। পূৰ্ণ কৰা আৱেদন প্ৰয়োজনীয় নথি-প্ৰমাণ সহ খ্ৰীষ্টান বস্তি, গুৱাহাটী-৫ত থকা শইকীয়া কমাৰ্চিয়েল কমপ্লেক্সত অসম এন এইচ এম, অভিযান সঞ্চালকৰ কাৰ্য্যালয়ত দাখিল কৰা উচিত।