মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

জননী শিশু সুৰক্ষা কাৰ্য্যক্ৰম আঁচনিৰ পৰা লাভ গ্ৰহণ (জে এছ এছ কে)

জে এছ এছ কে আঁচনিৰ অধীনত সকলো মহিলা আৰু কেঁচুৱাবোৰে জনস্বাস্থ্য প্ৰতিষ্ঠানত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব শূণ্য খৰচত প্ৰসৱ কৰোৱাক অৰ্ন্তভূক্ত কৰি। জে এছ এছ কে আঁচনিয়ে পকেট খালী হোৱাটোৰ অন্তপেলোৱাত জোৰ দিছে গৰ্ভৱতী মহিলা আৰু ৰুগীয়া কেঁচুৱা দুয়োটাৰে চিকিৎসাৰ ক্ষেত্ৰত।

জে এছ এছ কেৰ অধীনত গৰ্ভৱতী মহিলাই তলত উল্লেখ কৰা ধৰণে লাভ পাব:

  • চিজাৰিয়ান প্ৰসৱ কৰোৱাকে ধৰি গৰ্ভৱতী মহিলাই বিনামূলীয়া আৰু মুক্ত খৰচত সন্তান জন্ম দিব পাৰিব।
  • বিনামূলীয়া ঔষধ আৰু বস্তু-বাহানি।
  • বিনামূলীয়াকৈ প্ৰয়োজনীয় পৰীক্ষা।
  • তেজৰ বিনামূলীয়া ব্যৱস্থা।
  • বিনামূলীয়া খাদ্যৰ সুবিধা (সাধাৰণ প্ৰসৱ হলে তিনি দিন আৰু চিজাৰিয়ান হ`লে ৭ দিনলৈ)
  • ঘৰৰ পৰা স্বাস্থ্য প্ৰতিষ্ঠানলৈ আৰু প্ৰেৰণ কৰা কেছ হ`লে স্বাস্থ্য প্ৰতিষ্ঠানৰ মাজৰ পথৰ বিনামূলীয়া পৰিবহন ব্যৱস্থা।
  • প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ঘূৰাই পঠোৱা হয় বিনামূলীয়াকৈ।
  • ব্যতিক্ৰম হয় সকলো ধৰণৰ ব্যৱহাৰ্য্য মাচুল (জন্ম পুৰ্ব আৰু জন্মৰ পাছৰ সময় সামৰি)
 

জে এছ এছ কেৰ অধীনত সদ্যজাত আৰু ১ বছৰীয়া শিশুৱে তলত উল্লেখ কৰা ধৰণে লাভৰ সুবিধা গ্ৰহণ কৰিব:

  • ঔষধ আৰু ব্যৱহাৰ্য্য বস্তু বিনামূলীয়াকৈ।
  • প্ৰয়োজনীয় পৰীক্ষা বিনামূলীয়াকৈ।
  • তেজৰ ব্যৱস্থা বিনামূলীয়াকৈ।
  • খাদ্যৰ সুবিধা বিনামূলীয়াকৈ।
  • ঘৰৰ পৰা স্বাস্থ্য প্ৰতিষ্ঠানলৈ যোৱা খৰচ মুক্ত, যদি প্ৰেৰিত ৰোগী হয় স্বাস্থ্য প্ৰতিষ্ঠানৰ মাজৰ পথচোৱাৰ পৰিবহন খৰচ হ`ব মুক্ত।
  • প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যোৱা খৰচ মুক্ত।
  • ব্যৱহাৰ্য্য মাচুল ইয়াত ব্যতিক্ৰম হ`ব।