``শুশ্ৰুষা`` আঁচনিৰ অধীনত এক লাখ টকাৰ ধনৰাশি অৰ্থ সাহাৰ্য্য হিচাপে আগবঢ়োৱা হয় সেই বিলাক লোকক যিবোৰে ১ম এপ্ৰিল, ২০১০ চনৰ পাছত বৃক্ক সংৰোপণ চিকিৎসাৰ অধীন হৈ আছে বা হৈছে। আঁচনিখন ২৩ আগষ্ট ২০১০ চনত শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ কাৰণে আছে অসম মেডেকেল কলেজৰ সঞ্চালক, ন`ডাল বিষয়া ড. অনুপ কুমাৰ বৰ্মন।
অসমত বাস কৰা যিকোনো লোক আৰু বছৰোকীয়া আয় ৩.০০ লাখৰ বেছি নহয় তেনেকুৱা পৰিয়াল বা ব্যক্তিয়ে এই আঁচনিৰ বাবে যোগ্য বিবেচিত হয়।
বৰ্ষ | বাজেটৰ পৰিমাণ (লাখ টকাত) | প্ৰাপ্ত পুঁজি (লাখ টকাত) | ব্যৱহৃত পুঁজি (লাখ টকাত) | লাভাৰ্থীৰ সংখ্যা |
---|---|---|---|---|
২০০৯-১০ | ১০০.০০ | ১০০.০০ | - | - |
২০১০-১১ | - | - | ৪৪.০০ | ৪৪ |
২০১১-১২ | ১০০.০০ | ১০০.০০ | ৭৩.০০ | ৭৩ |
২০১২-১৩ | ১০০.০০ | ১০০.০০ | ৬১.০০ | ৬১ |
২০১৩-১৪ | ১০০.০০ | ১০০.০০ | ৪৭.০০ | ৪৭ |
২০১৪-১৫ | ১০০.০০ | - | ৪৬.০০ | ৪৬ |
২০১৫-১৬ | ১০০.০০ | - | ৫৬.০০ | ৬৫ |
২০১৬-১৭ | ১০০.০০ | - | ৫৯.০০ | ৫৯ |
মুঠ | ৭০০.০০ | ৪০০.০০ | ৩৮৬.০০ | ৩৮৬ |