২০১৪ চনৰ ৭ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে ৰাষ্ট্ৰৰ প্ৰথম সৰ্বাত্মক কিশোৰ বা বয়সসন্ধি স্বাস্থ্য কাৰ্য্যসূচী যাৰ নাম ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্য্যক্ৰম (আৰ কে এছ কে) শুভাৰম্ভ কৰিছিল নতুন দিল্লীত। আৰ কে এছ কেৰ ব্যাখ্যা কৰা হয়, এজন বয়সসন্ধি কালৰ লোক ১০-১৯ বছৰৰ ভিতৰত, গাওঁ আৰু চহৰ অঞ্চলৰ, ল`ৰা-ছোৱালী দুয়ো লিংগকে ধৰি, বিবাহিত আৰু অবিবাহিত, দৰিদ্ৰ আৰু চহকী, তেওঁলোক বিদ্যালয়ত পঢ়ি থকা হওক বা পঢ়িবলৈ বাদ দিয়াই হওক। এই বহল দৃষ্টিভংগীৰ সংজ্ঞাই বহুমুখি সমস্যা সম্বোধন কৰাত সহায় কৰে কিশোৰ সকলৰ বিভিন্ন গোট বা শ্ৰেণীৰ। কাৰ্য্যসূচীয়ে দেশ ব্যাপি কিশোৰ সকলৰ স্বাস্থ্য অভিযানৰ উন্নতিৰ বাবে আহোপুৰুষাৰ্থ কৰে আৰু ২৪৩ নিযুত কিশোৰে দেশৰ মুঠ জনসংখ্যাৰ ২১ শতাংশক প্ৰতিনিধিত্ব কৰে।
কাৰ্য্যসূচী অভিযানটোৰ লক্ষ্য হৈছে যে ভাৰতৰ সকলো কিশোৰে তেওঁলোকৰ পূৰ্ণ সম্ভাৱনীয়তা উপলব্ধি কৰক তেওঁলোকক জনোৱাৰ জৰিয়তে আৰু তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় সিদ্ধান্তৰ দায়িত্ব লওক আৰু লগতে কুশল-মংগলৰো।
আৰ কে এছ কেৰ ছয়টা আগ্ৰাধিকাৰ (কাৰ্য্যসূচী) ক্ষেত্ৰ তলত দিয়া ধৰণৰ:
লক্ষ্য দল:
নতুন কিশোৰ কিশোৰী স্বাস্থ্য ( এ এইচ) কৌশল ১০-১৪ বছৰ অৱস্থাপ্ৰাপ্তৰ ওপৰত আৰোপ কৰে আৰু ১৫-১০ বছৰৰ সাৰ্বজনীন অৱস্থাৰ পুৰুষ আৰু মহিলা, গাওঁ আৰু চহৰ, বিদ্যালয় আৰু বিদ্যালয়ৰ বাহিৰত, বিবাহিত আৰু অবিবাহিত আৰু ভেদ্যস্থান আৰু সেৱাৰ অধীন।
কাৰ্য্যসূচীৰ বস্তুনিষ্ঠ লক্ষ্য:
i. পুষ্টিৰ উন্নতি
- কিশোৰ-কিশোৰীৰ মাজত চলি থকা পুষ্টিহীনতা (ওজন বৃদ্ধি আৰু মেদ বহুলতা)।
- কিশোৰ-কিশোৰীৰ মাজত চলি থকা লৌহ পদাৰ্থৰ অভাৱ, ৰক্তহীনতা (আই ডি এ)ৰ অভাৱ দূৰ কৰা।
ii. যৌনক্ষমতা আৰু সন্তান জন্ম দিব পৰা স্বাস্থ্য সক্ষম কৰি তোলা
- এছ আৰ এইচ সম্পৰ্কত জ্ঞান, দৃষ্টিভংগী আৰু আচৰণৰ উন্নতি ঘটোৱা।
- কোমল বয়সত গৰ্ভধাৰণ প্ৰৱণতা বন্ধ কৰা।
- কিশোৰ-কিশোৰী পিতৃ-মাতৃৰ সহায়ৰ কাৰণে পূৰ্ব প্ৰস্তুতিৰ যোগান ধৰা আৰু জটিলতাৰ বাবে সাজুহোৱা, জন্ম প্ৰস্তুতিৰ উন্নতি ঘটোৱা।
iii. মানসিক স্বাস্থ্য বঢ়োৱা
- মানসিক স্বাস্থ্য সম্পৰ্কীয় সম্বোধনী ভাষণ কিশোৰ-কিশোৰীলৈ
iv. কাজিয়া-পেচাল আৰু আঘাত প্ৰতিৰোধ কৰা
- কিশোৰ-কিশোৰী মাজত অপৰাধ, হিংসাত্মক কাৰ্য্য আৰু আঘাত (জি বি ভি)ৰ প্ৰতিৰোধৰ কাৰণে গঠনমূলক দৃষ্টিভংগীৰ উন্নতি ঘটোৱা।
v. সা-সম্পদ, দ্ৰব্যৰ অপব্যৱহাৰ বন্ধ কৰা
- সা-সম্পদ, দ্ৰব্য-সামগ্ৰীৰ অপব্যৱহাৰৰ ফলাফল আৰু প্ৰতিকূল প্ৰভাৱৰ প্ৰতি কিশোৰ-কিশোৰীৰ মাজত সজাগতা বৃদ্ধি কৰা।
vi. এন চি ডি ৰ কাৰণে অৱস্থাজনিত ভাষণ
- এন চি ডি ৰ প্ৰতিৰোধৰ কাৰণে কিশোৰ-কিশোৰীৰ মাজত আছৰণৰ পৰিবৰ্তনৰ উন্নতি ঘটোৱা যেনে কৰ্কট, মধুমেহ, হৃদযন্ত্ৰৰ নলীৰ বেমাৰ আৰু পক্ষাঘাত আদি।
ৰণ-কৌশল:
ক. সমজুৱা ভিত্তিত হস্তক্ষেপ
- সন্ধানী শিক্ষা (পি ই)
- তিনিমাহৰ অন্তৰে অন্তৰে কৈশোৰ স্বাস্থ্য দিৱস (এ এইচ ডি)
- সাপ্তাহিক আইৰণ আৰু ফলিক এচিড সহায়ক কাৰ্য্যসূচী (ডব্লিউ আই এফ এছ)
- মাহেকীয়া স্বাস্থ্য আঁচনি (এম এইচ এছ)
খ. সুযোগ-সুবিধা ভিত্তিক হস্তক্ষেপ
- কৈশোৰ বন্ধুত্ব স্বাস্থ্য ক্লিনিক ( এ এফ এইচ চি) ৰ সবলিকৰণ।
- স্বাস্থ্যৰ ভিতৰত আৰু পৰিয়াল কল্যাণ – এফ পি, এম এইচ (ভি এইচ এন ডিক সামৰি), আৰ বি এছ কে, ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচী, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যসূচী, এন চি ডি আৰু আই এফ চি।
- অন্য বিভাগ/আঁচনিৰ লগত, সমাজ কল্যাণ (আই চি ডি এছ, এছ এ বি এল এ), যুৱ বিষয় আৰু খেল-ধেমালি ইত্যাদি।
- (কিশোৰ ক্ষমতাশালী কৰা আঁচনি, ৰাষ্ট্ৰীয় সেৱা আঁচনি, এন ৱাই কে এছ ইত্যাদি)
গ. সামাজিক আৰু আচৰণ পৰিৱৰ্তন যোগাযোগ লগতে অন্তঃ ব্যক্তিগত যোগাযোগৰ লগত
আৰ কে এছ কেৰ অৱস্থা ২০১৭ চনৰ মাৰ্চ মাহলৈ
- আৰ কে এছ কেৰ সকলো উপাদান কাৰ্য্যসূচী কাৰ্য্যকৰী কৰা হয় ৰাজ্যৰ উচ্ছ অগ্ৰাধিকাৰ জিলাকেইখনত (এইচ পি ডি)। সেই জিলাকেইখন হ`ল ধুবুৰী, গোলাঘাট, হাইলাকান্দি, কৰিমগঞ্জ, কোকৰাঝাৰ আৰু নগাওঁ।
- আন কিশোৰ স্বাস্থ্য উপাদান যেনে মাহেকীয়া স্বাস্থ্য আঁচনি (কম দামৰ পৰিস্কাৰ নেপকিন আশা কৰ্মীৰ দ্বাৰা যোগান ধৰা কিশোৰীক প্ৰতিটো পেকত ৬ টকা মাত্ৰ), সাপ্তাহিক আইৰণ আৰু ফলিক এচিড সহায়ক কাৰ্য্যসূচী (ডব্লিউ আই এফ এছ) আৰু কিশোৰ বন্ধুত্ব স্বাস্থ্য ক্লিনিক (এ এফ এইচ চি) আদি কাৰ্য্যকৰী কৰা হয় ২৭ খন জিলাৰ সকলোতে।
- মুঠ ৫৯ কিশোৰ স্বাস্থ্য বন্ধু ক্লিনিক (এ এফ এইচ চি) ৰাজ্যত স্থাপন কৰা হৈছে ডি এইচ, এছ ডি এইচ আৰু চি এইচ চি পৰ্য্যায়ত (৪১ এইচ পি ডি আৰু ১৮ খন অনা এইচ পি ডি ত) মুঠ ২০ খন কিশোৰ স্বাস্থ্য বন্ধু ক্লিনিকে (এ এফ এইচ চি) কাম কৰি আছে সমৰ্পিত পৰামৰ্শদাতাৰ লগত।
- দুখন আদৰ্শ এ এফ এইচ চি প্ৰতিষ্ঠা কৰা হৈছে।
- সৰ্বমুঠ ৫৪২৪ সন্ধানী শিক্ষা প্ৰদানকাৰীক বাচনি কৰা হৈছে ৬ খন এইচ পি ডিত (প্ৰতিখন গাঁৱৰ পৰা ২ জন ল`ৰা আৰু দুজনী ছোৱালী/১০০০ জনসংখ্যা বাচনি কৰা হৈছে সন্ধানী শিক্ষা প্ৰদানকাৰী হিচাপে( পি ই) প্ৰতিজনী আশাৰ অধীনত। (আৰ কে এছ কে কাৰ্য্যকৰীৰ নিৰ্দেশাৱলীৰ সবিশেষ)।
- ১৭ চনৰ মাৰ্চ মাহলৈ, সৰ্বমুঠ ৫০৬৭ সংখ্যক পি ই( ৯৩.৪২%)ৰক ৬ দিনত প্ৰশিক্ষণ দিয়া হয় আশা কৰ্মীৰ ১২৮০ সংখ্যকৰ লগত।
- প্ৰতিগৰাকী সন্ধানী শিক্ষা প্ৰদানকাৰীকে আশা কৰা হয় ১৫-২০ জনীয়া ল`ৰা-ছোৱালীৰ দল গঠন কৰিব (ল`ৰা আৰু ছেৱালীৰ পৃথক দল) তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা আৰু প্ৰতি সপ্তাহত দুঘণ্টীয়া অধিৱেশন বা বৈঠক অনুষ্ঠিত কৰিব পি ই ৰ নিজৰ সা-সঁজুলি ব্যৱহাৰ কৰি।
- পি ই বোৰক যোগান ধৰা হৈছিল অনা-আৰ্থিক উদগনি তেওঁলোকৰ বৰঙণিৰ কাৰণে।
- এছ চি স্তৰত ৬ খন এইচ পি ডি এছত কিশোৰ স্বাস্থ্য ক্লাব গঠন কৰা হৈছে।
- কিশোৰ স্বাস্থ্য দিৱস (এ এইচ ডি) উদযাপন কৰা হয় প্ৰতি তিনি মাহত, প্ৰতিখন গাঁৱত। মুঠ ১৩০৫ সংখ্যক এ এইচ ডি পালন কৰি অহা হৈছে ২০১৭ চনৰ মাৰ্চ মাহলৈ।
- মাহেকীয়া স্বাস্থ্য সন্মত কাৰ্য্যসূচী ২৭ খন জিলাত চলি আছে।
- ডব্লিউ আই এফৰ কাৰ্য্যসূচীও চলি আছে ২৭ খন জিলাত।
আন প্ৰশিক্ষণৰ স্থিতি:
- ৰাজ্যিক পৰ্য্যায়ত আৰ কে এছ কেৰ ওপৰত মুঠ এম ও প্ৰশিক্ষণ হয়: ৫০ টা।
- মুঠ এ এন এম/এল এইচ ভিক প্ৰশিক্ষীত কৰা হয় ৰাজ্যিক পৰ্য্যায়ত এৰ কে এছ কেৰ ওপৰত।
- আৰ কে এছ কেৰ ওপৰত জিলা পৰ্য্যায়ত মুঠ এ এন এম/এল এইচ ভিক প্ৰশিক্ষণ সংখ্যক প্ৰাপ্ত কৰা হয় ( পি ই টি ও টি অন্তৰ্ভূক্তিৰে : ৪৩৯ সংখ্যক)
- মুঠ এ এফ এইচ চি পৰামৰ্শদাতাক প্ৰশিক্ষীত কৰা হয় এৰ কে এছ কে আদৰ্শত : ১৯ জন।
- ইয়াৰ উপৰি, ৪২ জন পৰামৰ্শদাতা সকলো শ্ৰেণীৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত কৰা হয় বহুমুখী দক্ষতাৰ ওপৰত আৰ কে এছ কেৰ লগতে আন উপাদানৰ সৈতে।
Images: