মহিলা কিশোৰ আৰু শিশু সকললৈ স্বাস্থ্য যত্ন সেৱা সমূহ আগবঢ়াবলৈ ৰাজ্যৰ প্ৰতিখন গাঁৱত প্ৰতিমাহে গ্ৰাম্য স্বাস্থ্য আৰু পুষ্টি দিৱস (ভি এইচ এন ডি) বা স্বাস্থ্য দিৱস উদযাপন কৰা হয়। আশা, এ ডব্লিউ ডব্লিউ, আৰু এ এন এম সকলে স্বাস্থ্য দিৱসৰ আয়োজন কৰে আৰু মহিলা কিশোৰ আৰু শিশু সকলক সংগঠিত কৰে। এই দিনাখন, স্বাস্থ্য সম্পৰ্কিত বিষয় যেনে পুষ্টি, ব্যক্তিগত স্বাস্থ্য বিধি, গৰ্ভাৱস্থাৰ যত্ন, প্ৰসৱ আৰু প্ৰসৱ পূৰ্ব চোৱাচিতাৰ ওপৰত গুৰুত্ব, প্ৰতিষ্ঠানিক প্ৰসৱ, ৰোগমুক্তি আদিৰ বিষয় লৈ আলোচনা কৰা হয়। আশাৰ নিৰ্বাচন আৰু প্ৰশিক্ষণৰ পিছত স্বাস্থ্য দিৱসত বৃদ্ধি হৈছে।