মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

অতিসাৰ প্ৰাবল্যতা নিয়ন্ত্ৰণ পষেক (আই ডি চি এফ)

অতিসাৰ প্ৰাবল্যতা নিয়ন্ত্ৰণ পষেক (আই ডি চি এফ) সমস্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলজুৰি অতিসাৰৰ পৰা হোৱা শুষ্কতাৰ কাৰণে হোৱা মূত্যুৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে তীব্ৰ পদ্ধতিৰে কাৰ্য্যকৰ হোৱা এটা কাৰ্য্যক্ৰমক লৈ গঠিত। এই কাৰ্য্যক্ৰম সমূহে সামৰি লৈছে – অতিসাৰ নিয়ন্ত্ৰণৰ কাৰণে প্ৰচাৰ আৰু সচেতনতা সৃষ্টিৰ কাৰ্য্যসূচীৰ তীব্ৰতা, অতিসাৰৰ কেচ সমূহৰ ব্যৱস্থাপনাৰ কাৰণে চাৰ্ভিচ প্ৰজেকশ্বন শক্তিশালীকৰণ, ও আৰ এছ জিঙ্ক কৰ্ণাৰ স্থাপন, আশাৰ দ্বাৰা পাঁচ বছৰৰ তলৰ শিশু সকলক ও আৰ এছক লৈ পৰিয়ালত সজাগতা সৃষ্টিৰ বাবে কাম কৰা পৰিস্কাৰ পৰিছন্নতা আৰু স্বাস্থ্যকৰ শৌচালয় ব্যৱহাৰ কৰাৰ বাবে।

আই ডি চি এফৰ লক্ষ্য

আই ডি চি এফৰ লক্ষ্য হ`ল অতিসাৰৰ কাৰণে শৈশৱত হোৱা মূত্যুৰ হাৰ শূণ্য কৰা।

আই ডি চি এফৰ কাৰণে ৰণ-কৌশল

আই ডি চি এফৰ মনোযোগ সৰল হস্তক্ষেপ প্ৰদানৰ ওপৰত নিবদ্ধ থাকিব যিটোৰ বৃহৎ প্ৰভাৱ পৰে শৈশৱত হোৱা অতিসাৰ ৰোগ আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰত। আই ডি চি এফৰ ৰণ-কৌশল তলত উল্লেখ কৰা ধৰণে তিনি তৰপীয়া:

  • ৰাজহুৱা ক্ষেত্ৰত জিঙ্ক আৰু ও আৰ এছৰ ব্যৱহাৰ আৰু পৰ্য্যাপ্ততা বৃদ্ধি কৰা।
  • শৰীৰত শুষ্কতা বৃদ্ধি হোৱা ৰোগীবোৰক সু-ব্যৱস্থা আৰু চিকিৎসা সুবিধাৰ পৰ্য্যায় শক্তিশালী কৰা
  • আই ই চি শিবিৰৰ জৰিয়তে ডায়েৰীয়া নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ওপৰত যোগাযোগ আৰু ওকালতি বঢ়োৱা।
 

কাম-কাজ:

ৰাজহুৱা স্থানত / গাওঁ পৰ্য্যায়ত

  • ও আৰ এছ বিতৰণ আৰু পৰিদৰ্শন
  • এ এন এমৰ দ্বাৰা হাইজাৰ ব্যৱস্থাপনাৰ লগতে আই পি চি কাৰ্য্যৰ স্বাস্থ্য বিধি আৰু পৰিস্কাৰ শৌচালয় ব্যৱহাৰৰ শিক্ষা প্ৰদান।
  • বিদ্যালয়বোৰত হাত ধোৱা কাৰ্য্য প্ৰদৰ্শন।
  • চহৰ এলাকাৰ কাৰণে ভ্ৰাম্যমান স্বাস্থ্য দল গঠন।
 

স্বাস্থ্যত সুবিধা পৰ্য্যায়

  • অতিসাৰ চিকিৎসাৰ কাৰণে জিঙ্ক আৰু ও আৰ এছৰ কৰ্ণাৰ প্ৰতিষ্ঠা।
  • অতিসাৰ চিকিৎসাৰ মান আৰু পৰিচালনাৰ উন্নতি।
  • স্বাস্থ্য সুবিধাবোৰত পৰিস্কাৰ পানীৰ টেংক ব্যৱহাৰ কৰা।
 

হিতাধিকাৰীৰ লাভালাভ:

  • পাঁচ বছৰৰ তলৰ সকলো শিশুৰ লগতে সিঁহতৰ মাকবোৰৰ/যত্ন প্ৰদান কৰা সকলৰ।
  • পাঁচ বছৰৰ অধীন অতিসাৰত ভোগা সকলো শিশু।
 

* বৃহৎ পৰিমাণৰ গৌণ দৰ্শক যেনে বিদ্যালয়ৰ শিক্ষক/শিশু, পি আৰ আই সদস্যসকল, স্বাস্থ্য আৰু আই চি ডি এছৰ কৰ্মকৰ্তা, ব্যক্তিগত চিকিৎসক সকল ইত্যাদি।

অগ্ৰাধিকাৰ দিয়া এলেকা:

  • খালী হৈ থকা উপ-কেন্দ্ৰৰ নগৰ এলেকা: এ এন এমক তিনি মাহতকৈ বেছিৰ কাৰণে নিযুক্ত নকৰে।
  • গাওঁ/এলেকা এ এন এমৰ দীঘলীয়া ছুটিত বা আন একে ধৰণৰ কাৰণত।
  • গাঁৱৰ ঘৰবোৰৰ ভিৰতৰত যিবোৰ অপৰিস্কাৰ অঞ্চলত থাকে।
  • উচ্চ সংশয়পূৰ্ণ এলেকা (এইচ আৰ এ এছ) য`ত জনসংখ্যা বসবাস কৰে যেনে: চহৰৰ বস্তি অঞ্চল, সেৱাৰ অধীন আৰু যিবোৰ ঢুকি পোৱা কঠিন (বনভূমি আৰু জনজাতি জনসংখ্যা, পাহাৰীয়া এলেকা ইত্যাদি।
  • আন প্ৰবজনকাৰীৰ আবাসভূমি (মাছমৰীয়ৰ গাওঁ, স্থানান্তৰিত জনসংখ্যা সহ নৈপৰীয়া অঞ্চল )।
  • অঘৰী জাতি থকা ঠাই।
  • ইটাৰ ভাটা অঞ্চল।
  • নিৰ্মান এলেকা।
  • অনাথ আশ্ৰম।
  • পথৰ শিশু।
  • অতিসাৰ সংঘটিত এলেকা, যোৱা দুবছৰ ধৰি।
  • পৰিস্কাৰ –পৰিচ্চন্নতাহীন আৰু দুষিত পানী যোগানৰ ঠাই।
  • সৰু গাওঁ, ক্ষুদ্ৰ গাওঁ, ধানিচ, পূৰ্বাস, বাসাচ (পথাৰৰ জুপুৰি) ইত্যাদি।
 

সজাগতা সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ বাণী:

  • অতিসাৰ আৰম্ভ হোৱাৰ লগেলগে শিশুক তৎক্ষণাৎ ও আৰ এছ আৰু অতিৰিক্ত তৰল পদাৰ্থ দিয়ক আৰু অতিসাৰ বন্ধ নোহোৱা পৰ্য্যন্ত দি থাকক।
  • অতিসাৰ আক্ৰান্ত শিশুক ১৪ দিনলৈ জিংক দিয়ক, আনকি অতিসাৰ বন্ধ হোৱাৰ পাছতো।
  • শিশুসকক অতিসাৰৰ সময়ত ও আৰ এছ আৰু জিংক ব্যৱহাৰ এটা নিৰাপদ চিকিৎসা যি শিশুটিক অতিসাৰৰ পৰা দ্ৰুতগতিত আৰোগ্য হোৱাত সহায় কৰে।
  • সুৰক্ষিত উপায়েৰে আৰু খৰটকীয়াকৈ শিশুৰ বিষ্ঠা পৰিস্কাৰ কৰিব লাগে।
  • যিবিলাক শিশুৱে মাকৰ গাখীৰ এৰা নাই তাক সেই গাখীৰকে খাই থাকিব দিয়ক, ৰুগ্নতাৰ সময়ত অতিৰিক্ত আহাৰ দিয়ক, আনকি ৰোগ এৰাৰ পাছতো।
  • নিৰাপদ পৰ্য্যবেক্ষণৰ পিছত পৰিস্কাৰ খোৱা পানী ব্যৱহাৰ কৰক।
  • শিশুৰ কাৰণে খাদ্য প্ৰস্তুত কৰা সময়ত, শৌচ-প্ৰস্ৰাৱ পেলোৱাৰ পাছত মাক বা অন্যই ভালদৰে চাবোনেৰে হাত ধুব লাগে।
 

স্বাস্থ্য কেন্দ্ৰ /কৰ্মীৰ ওচৰলৈ আহিব লাগে যদি শিশুৰ তলত দিয়া বিষয়বোৰৰ চিকিৎসা চলি থকা অৱস্থাত বৃদ্ধি হয়:

  • শিশুৰ ৰোগ বৃদ্ধি হৈ গৈ আছে।
  • শিশুৱে মাকৰ গাখীৰ খাব নোৱাৰে বা তৰল পদাৰ্থ খাব নোৱাৰে।
  • শৌচৰ লগত তেজ পৰিলে।
  • কম পৰিমাণে পনীয়া গ্ৰহণ।
  • জ্বৰ বৃদ্ধি হ`লে।
 

*আশা কৰ্মী বা এ এন এমৰ লগত যোগাযোগ কৰক অতিসাৰৰ বিষয়ে যিকোনো পৰামৰ্শৰ কাৰণে

Downloads
TitleSizeDetail
আই ডি চি এফ নিৰ্দেশিকা ০৭.০৬.২০১৬1.44 MBswf-image